
কাছাৰ জিলাৰ উদাৰবন্দত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী নাবালিকাৰ অশ্লীল ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগ। এই অভিযোগক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, ফটো ভাইৰেল হোৱাৰ পিছতে কিশোৰীগৰাকী মানসিকভাৱে ভাগি পৰে। কেৱল সিমানেই নহয়, লাজ আৰু অপমানৰ ভয়ত বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায়। ইয়াৰ পিছত তেওঁক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত উদাৰবন্দ আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, কাছাৰৰ উদাৰবন্দ থানাৰ অন্তৰ্গত ঝাপিৰবন্দ অঞ্চলৰ কিশোৰীগৰাকীৰ সৈতে দয়াপুৰ দ্বিতীয় খণ্ডৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু পৰৱৰ্তী সময়ত যুৱকজনে এই সম্পৰ্কৰ সুবিধা লৈ নাবালিকাগৰাকীৰ অশ্লীল ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ অভিযোগ উঠিছে। যাৰ বাবে কিশোৰীগৰাকী মানসিকভাৱে ভাগি পৰা বুলি পৰিয়ালৰ লোকৰ অভিযোগ।
আনহাতে, এই ঘটনাৰ ফলত সৃষ্টি হোৱা মানসিক চাপ আৰু লাজ-অপমানৰ ভয়ত নাবালিকাগৰাকীয়ে বিষপান কৰি আত্মহত্যাৰ চেষ্টা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। অৱশ্যে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় আৰু বৰ্তমান তাত চিকিৎসাধীন হৈ আছে।
ইফালে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰা অভিযুক্ত যুৱকজন উদাৰবন্দৰ দয়াপুৰৰ বাসিন্দা ইকবাল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে।












