
ডিমা হাছাওৰ ৰাজনৈতিক মহলৰ বাবে এক অপূৰণীয় ক্ষতি। জ্যেষ্ঠ বিজেপি নেতা তথা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য লিটন চক্ৰৱৰ্তীৰ বুধবাৰে পুৱা গুৱাহাটীৰ জিএনআৰচি (GNRC) হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ। প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসাধীন অৱস্থাত বুধবাৰে পুৱা প্ৰায় ৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
লিটন চক্ৰৱৰ্তীয়ে স্বায়ত্তশাসিত পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ডিমা হাছাও জিলা সমিতিৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল। তেওঁৰ মৃত্যুৰ খবৰে তেওঁক জনা আৰু তেওঁৰ সৈতে কাম কৰা লোকসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।












