ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 4, 2026
Reading Time: 1 min read
A A
0
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal | ASSAM TIMES POST

ভাৰত চৰকাৰে জম্মু-কাশ্মীৰ (Jammu-Kashmir)ত বিধ্বংসী কাৰ্যকলাপ (Destructive activity) সংঘটিত কৰাৰ ষড়যন্ত্ৰত জড়িত (Involved in a conspiracy) ২৩ জন লোকক (23 people) ‘সন্ত্রাসবাদী’ ঘোষণা (Declared ‘terrorist’) কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ ইউএপিএৰ অধীনত (Under the UAPA) শনিবাৰে গেজেট অধিসূচনা জাৰি কৰিছে।

উল্লেখ্য যে এই ২৩ জন সন্ত্ৰাসবাদীৰ আটাইকেইজনেই পাকিস্তানী নাগৰিক বা পাকিস্তানক ভিত্তি কৰি আছে। এই তালিকাত ‘হাইব্ৰিড টেৰ’ৰিজম’ৰ সৈতে জড়িত ‘নিষিদ্ধ’ সন্ত্ৰাসবাদী গোটৰ অধিনায়ক যেনে লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ বা ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ) অধিনায়কk সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ উপৰি লস্কৰৰ প্ৰতিষ্ঠাপক হাফিজ ছয়ীদৰ নেতৃত্বত গঠিত কট্টৰপন্থী গোট জামাত-উদ-দাৱাৰ কেইবাজনো নেতাৰ নামো সন্নিবিষ্ট কৰা হৈছে। গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয়, “নিষিদ্ধ সংগঠনৰ সৈতে জড়িত এই সন্ত্ৰাসবাদীয়েই জম্মু-কাশ্মীৰত অস্ত্ৰ যোগান, অনুপ্ৰৱেশ আৰু আক্ৰমণ সংঘটিত কৰাৰ মূল ষড়যন্ত্ৰকাৰী।”

সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ফলত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ইয়াৰ সৈতে জড়িত ২৩ জন লোকৰ সম্পত্তি জব্দ কৰাৰ লগতে তেওঁলোকৰ আৰ্থিক লেনদেনত বাধা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব। আন্তৰ্জাতিক আৰক্ষী সংস্থাকো (ইণ্টাৰপ’ল) প্ৰয়োজনীয় প্ৰমাণ দাখিল কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আবেদন কৰিব পাৰে। উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে ইউএপিএৰ অধীনত ডাউদ ইব্ৰাহিম, হাফিজ ছয়ীদ, জাকিউৰ ৰেহমান লখৱী আৰু মৌলানা মাছুদ আজহাৰক সন্ত্রাসবাদী বুলি ঘোষণা কৰিছিল। এইবাৰ ২৩ জন লোকৰ নাম ঘোষণা কৰা হৈছে। তালিকাভুক্ত কৰাসকলৰ ভিতৰত গুৰুত্বপূৰ্ণ নাম হৈছে :

UAPA | ASSAM TIMES POST
লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

১) মাছুদ ইলিয়াছ কাশ্মীৰী (জেএম): কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে ২০২২ চনত সুনজাৱান সেনা শিবিৰত আক্ৰমণৰ সৈতে জড়িত এইজন পাকিস্তানী নাগৰিক। নিয়াৰ অভিযোগনামাত তেওঁৰ নাম ‘ষড়যন্ত্ৰকাৰী’ হিচাপে উল্লেখ কৰা হৈছে। যোৱা ৭ মে’ত ভাৰতীয় সেনাই সিন্দুৰ অভিযানত পাকিস্তানৰ ৮টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল। বাহাৱালপুৰৰ জৈছৰ মুখ্য কাৰ্যালয়ত সংঘটিত আক্ৰমণত জৈছৰ প্ৰতিষ্ঠাপক মাছুদ আজহাৰৰ ভাতৃ ইউছুফকে ধৰি পৰিয়ালটোৰ কমেও ১০ জন সদস্য নিহত হয়। বৰ্তমান ইলিয়াছ সংস্থাটোৰ দ্বিতীয় প্ৰধান।

২) মহম্মদ মোছাদ্দিক (জেএম): ২০২২ চনত সুনজাৱান সেনা শিবিৰত সংঘটিত আক্ৰমণৰ লগত জড়িত। নিয়াৰ তদন্তত কোৱা হৈছে যে পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণৰেখা পাৰ হ’বলৈ সহায় কৰা ভাৰতীয় হেণ্ডলাৰৰ সমন্বয়ত মোছাদ্দিকে পাকিস্তানৰ পৰা এই অভিযান চলাইছিল।

৩) মুফতি মহম্মদ আছগৰ খান (জেএম): ২০১৬ চনৰ নগ্ৰোটা সেনা শিবিৰৰ আক্ৰমণৰ মূল অভিযুক্ত। পাক অধিকৃত কাশ্মীৰত জৈছৰ ‘লঞ্চিং পেড’ৰ মুখ্য সঞ্চালক। সিন্দুৰ অভিযানৰ পিছত জৈছৰ নাম সলনি কৰি আল-মুৰাবিটুন (অৰ্থাৎ ‘ইছলামৰ ৰক্ষক’) ৰখাৰ সিদ্ধান্ত লোৱা হয়। বৰ্তমান এক নতুন পৰিচয়ৰ অধীনত সক্ৰিয় হৈ আছে আছগৰ।

৪) হাফিজ আব্দুল শুকুৰ (জেএম): নিয়াৰ প্ৰতিবেদনত ‘কাৰী জাৰাৰ’ বুলিও চিনাক্ত কৰা এই পাকিস্তানী নাগৰিকজনে কেইবাবাৰো নিয়ন্ত্ৰণৰেখা পাৰ হৈ কাশ্মীৰত প্ৰৱেশ কৰি প্ৰত্যক্ষভাৱে সন্ত্ৰাসবাদী আক্ৰমণৰ নেতৃত্ব দিছে। ২০১৬ চনৰ নাগ্ৰোটা আক্ৰমণৰ পূৰ্বে স্থানীয় সুবিধা প্ৰদানকাৰীৰ সৈতে যোগাযোগ ৰখাৰ দায়িত্ব তেওঁৰ আছিল।

৫) আব্দুল্লা জেহাদী (জেএম): ২০১৬ চনৰ নাগ্ৰোটা আক্ৰমণৰ আন এজন মাষ্টাৰমাইণ্ড। বৰ্তমান পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানত থকা জৈছ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰৰ দায়িত্বত আছে।

৬) ফিৰদৌছ আহমদ ভাট (লস্কৰ-ই-তৈবা): হাফিজ ছয়ীদৰ ঘনিষ্ঠ এই নেতাজন পাক অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা ‘লঞ্চিং পেড’ৰ মুখ্য সঞ্চালক। কাশ্মীৰ উপত্যকাত লস্কৰ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ আৰু লজিষ্টিক সহায়ৰ সৈতে জড়িত বিষয়সমূহৰ ব্যৱস্থা কৰাৰ দায়িত্বও তেওঁৰ।

৭) বিলাল আহমদ মিৰ (The Resistance Front): এইজন প্ৰাক্তন লস্কৰ কমাণ্ডাৰ বৰ্তমান তেওঁলোকৰ ছাঁয়া সংগঠন TRF-ৰ মূল নেতা। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱা আৰু ভাৰতলৈ অস্ত্ৰ যোগানৰ সমন্বয়ৰ ষড়যন্ত্ৰত বিলাল মূলতঃ জড়িত। পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণতো তেওঁৰ নাম আছিল।

অন্যান্য সন্ত্ৰাসবাদী: গৃহ মন্ত্ৰালয়ৰ গেজেট অধিসূচনাত লস্কৰৰ আব্দুল ৰৌফ, হাফিজ খালিদ ৱালিদ আৰু ৰাণা ইফতিকাৰক ‘হাফিজ ছয়ীদৰ ঘনিষ্ঠ’ বুলি চিনাক্ত কৰা হৈছে। ইফতিকাৰে কঠোৰ পাকিস্তানী সংগঠন জামাত-উদ-দোৱাৰৰ হৈ সন্ত্ৰাসবাদী সংগঠনৰ মাজত সমন্বয়ৰ বাবে দায়বদ্ধ। ৰৌফ জামাত-উদ-দোৱাৰৰো নেতা। তেওঁ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা আৰু সমন্বয়, ধন সংগ্ৰহৰ কামত জড়িত। বৰ্তমান হাফিজৰ নিৰাপত্তাৰ দায়িত্বত আছে ৱালিদ। কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ডো।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: UAPA
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d