ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম-মেঘালয় সীমান্ত উত্তেজনা : ৰঙা চন্দন ৰোপনক কেন্দ্ৰ কৰি কাৰ্বি-খাছীৰ মাজত সংঘাত

পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে অসম আৰক্ষীৰ কন্দুৱা গেছ-ৰবৰৰ গুলী নিক্ষেপ

ASSAM TIMES POST by ASSAM TIMES POST
June 25, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

New Logo Smal 2 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : অসম-মেঘালয় সীমান্তৰ কাৰ্বি ভূমিৰ তাপাত অঞ্চলত আজি পুৱাৰে পৰা সীমান্তৰ কাৰ্বি ভূমিক লৈ পুনৰ কাৰ্বি-খাছীৰ মাজত সংঘাতৰ সৃষ্টি হ’য় ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তস্থিত তাপাত অঞ্চলত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধীনস্থ বিভাগীয় ফালৰ পৰা এক বৃহৎ এলেকাত কিছু দিন পূৰ্বে ৰঙা চন্দন গছৰ পুলি ৰোপন কৰে ৷ ইয়াৰ পাচতেই সীমান্তৰ খাছী আৰু কাৰ্বি লোকৰ মাজত সংঘাতৰ জুই দুয়োপক্ষৰ মাজত  উমি-উমি জ্বলি আছিল ৷ উক্ত বৃহত এলেকা ভূমিত ৰঙা চন্দৰ গছ ৰোপনৰ কেন্দ্ৰ কৰিয়েই মেঘালয়ৰ এচাম দুষ্কৃতিকাৰীয়ে সীমান্ত স্থানীয়  খাছীলোকক লৈ মেঘালয়ৰ ভূমি বুলি দাবী কৰি আহিছে ৷

অসম-মেঘালয় সীমান্ত উত্তেজনা : ৰঙা চন্দন ৰোপনক কেন্দ্ৰ কৰি কাৰ্বি-খাছীৰ মাজত সংঘাত
অসম-মেঘালয় সীমান্ত উত্তেজনা : ৰঙা চন্দন ৰোপনক কেন্দ্ৰ কৰি কাৰ্বি-খাছীৰ মাজত সংঘাত

আনহাতে একাংশ খাছীলোকে বিগত কিছুদিন পূৰ্বে অৰ্থাৎ ৰঙা চন্দন গছ ৰোপন কৰি থকাৰ মাজতো গছপুলি ৰোপনত বাধা প্ৰদান কৰি আহিছিল ৷ ইপিনে, সংঘাতৰ বিষয়ক লৈ আজি তাপাত প্ৰাথমিক বিদ্যালয়ত দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত এক শান্তিপূৰ্ণ আলোচনা হোৱাৰ কথা আছিল যদিও পুৱাতেই মেঘালয়ৰ এচাম খাছীলোকৰ পৰোছনাত আলোচনা কৰাৰ পৰিৱৰ্তে  ৰোপন কৰা ৰঙা চন্দনৰ গছ পুলিবোৰ এফালৰ পৰা উভালি তহিলং কৰি থকা অৱস্থাতেই ঘটনাক লৈ কাৰ্বি-খাছীৰ মাজত তৰ্ক-বিতৰ্ক হৈ ঘটনাস্থীত দুয়োপক্ষৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’য় ৷

উক্ত ঘটনাত আগ্নিগৰ্ভা হৈ কাৰ্বি ৰাইজৰ সৈতে খাছীলোকৰ সংঘাত হ’য় ৷ উক্ত সংঘাতৰ মাজতে অসমৰ কাৰ্বি ভূমিৰ আশ্ৰয় শিবিৰতো খাছীলোকে অগ্নিসংযোগ কৰে ৷ ইপিনে, দুয়োপক্ষৰ মাজত সংঘাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাত ঘটনাস্থলীত অসম আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পৰিস্থিতি অধিক হৈ পৰাত প্ৰথমে  কন্দুৱা গেছ নিক্ষেপ কৰে ৷ ইয়াৰ পাচতো নিয়ন্ত্ৰণ কৰিব নোৱাৰাত ১০ ৰাউণ্ড ৰবৰৰ গুলী নিক্ষেপ কৰিবলৈ বাধ্য হ’য় অসম আৰক্ষী ৷

ইতিমধ্যে ঘটনাস্থলীত জিলা আয়ুক্ত সাৰঙ্গপানী শৰ্মা আৰু আৰক্ষী অধীক্ষক ইদ্ৰনীল বৰুৱা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও মেঘালয়ৰ এচাম খাছী দুষ্কৃতিকাৰীৰ পৰোচনাত এচাম খাছীয়ে সীমান্তৰ খাছীলোকক লগত লৈ কাৰ্বি লোকৰ সৈতে সীমান্তৰ ভূমিক লৈ যিকোনো মুহূৰ্ত্বত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ কৰাৰ আশংকাই প্ৰকট হৈ পৰিছে ৷

আনহাতে আজি সন্ধিয়া ডিফু কাছা ষ্টেডিয়ামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড: তুলিৰাম ৰংহাঙে সাংবাদিকৰ সৈতে কয় যে,  তাপাত কাৰ্বি আংলঙৰ ভূমিত ৰঙা চন্দন ৰোপন কৰা হৈছে ৷ কিন্তু মেঘালয়ৰ খাছী সকলে কাৰ্বি আংলঙ সীমান্তৰ ডেৰ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি ৰঙা চন্দনৰ পুলিবোৰ নষ্ট কৰিছে ৷ ই কাৰ্বি আংলঙৰ ভূমি বুলি দাবী কৰি এই সন্দৰ্ভত মেঘালয় চৰকাৰৰ সৈতে আলোচনা কৰি সমস্যাৰ সম্ধান কৰা হব বুলি কয় ৰংহাঙে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অঞ্চল উন্নয়ন.অসমঅসমৰ আৰক্ষীআগ্নিগৰ্ভা সংঘাতআলোচনাৰ সমাধানউত্তেজনাপূৰ্ণ পৰিস্থিতিকন্দুৱা গেছকাৰ্বি আংলংকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকাৰ্বি ভূমিখাছী দুষ্কৃতিকাৰীখাছী লোকখাছী-কাৰ্বি বিতৰ্কডিফু কাছা ষ্টেডিয়ামতাপাত অঞ্চলভূমি অধিকারভূমি দাবিমেঘালয়মেঘালয় চৰকাৰশান্তিপূৰ্ণ আলোচনাশিবিৰ অগ্নিসংযোগসংঘাতৰ পৰিস্থিতিসাংবাদিক সন্মিলনসামাজিক সংঘাতসীমান্ত সংঘাতসীমান্ত সমস্যাৰঙা চন্দন গছৰবাৰ গুলী
Share6Tweet4Send

Related Posts

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
52
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
58
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d