
শনিবাৰে পুৱা উমৰাংছুৰ (Umrangso Tragedy) কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ মাজৰ আন এটা মৃতদেহ উদ্ধাৰ। পুৱা প্ৰায় ৭.৩৫ বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় এন ডি আৰ এফ আৰু সেনাবাহিনীয়ে। উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত উমৰাংছুৰ কয়লাখনিত সংঘটিত দুৰ্ঘটনাৰ আজি ষষ্ঠ দিন।

এই দুৰ্যোগত কয়লাখনিটোৰ ভিতৰত ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰিছিল। ইয়াৰে ভিতৰত নেপালৰ উদয়পুৰৰ গঙ্গা বাহাদুৰ শ্রেষ্ঠ নামৰ এজন শ্ৰমিকৰ মৃতদেহ এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, ভাৰতীয় নৌ-সেনাৰ ডুবাৰু দলৰ অভিযানত বুধবাৰে উদ্ধাৰ হৈছিল।
আনহাতে, উদ্ধাৰ অভিযানৰ ষষ্ঠদিনা শনিবাৰে পুৱা উমৰাংছ’ৰ ১ নং ক’লামাটি গাঁৱৰ লিজেন মগৰ (২৭) নামৰ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে। আনহাতে, কয়লাখনিটোৰ ভিতৰত এতিয়াও আন ৭ জন শ্ৰমিক আবদ্ধ হৈ আছে।
উল্লেখ্য যে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ পৰা অনা অত্যাধুনিক পানী নিষ্কাশন পাম্পেৰে কয়লাখনিটোৰ ভিতৰৰ পৰা পানী নিষ্কাশনৰ কাম আৰম্ভ কৰা হয়। ইয়াৰ ফলত কয়লাখনিটোত পানীৰ স্তৰ কিছু পৰিমানে হ্ৰাস পোৱাত শনিবাৰে পুৱা উদ্ধাৰকাৰী দলে মৃত্যুদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।












