![]()
অসমীয়া আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” (Raghupati) ৰ ইতিমধ্যে ট্ৰেইলাৰটোৰ লগতে মুক্তি লাভ কৰিছে প্ৰথমটো গীতৰ অডিঅ’। ৰঙালী বিহুৰ বিশেষ ক্ষণত মুক্তিপ্ৰাপ্ত “তুমি আৰু মই” শীৰ্ষক গীতটিয়ে ইতিমধ্যে শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰিছে। সঁহাৰি লাভ কৰাৰো কথা, যিহেটো হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg) আৰু দীপলিনা ডেকাৰ (Deeplina Deka) যুটীয়া কণ্ঠৰে মুক্তি লাভ কৰিছে গীতটিয়ে।
https://youtu.be/nQw3GCu7NAY
“ৰঘুপতি” ৰবি শৰ্মাৰ (Ravi Sarma) সপোনৰ প্ৰকল্প। যাৰ বাবে তেওঁৰ বিভিন্ন পৰিকল্পনা আমি বিগত বৰ্ষসমূহৰ পৰাই দেখি আহিছোঁ। ছবিখনৰ মুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ইয়াৰ ৰাইজ অপেক্ষাৰত।

ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে। লগতে, প্ৰযোজনাৰ দায়িত্বত আছে শৈলেন শৰ্মা। ৰবি শৰ্মাৰ লগতে এই ছবিখনত অভিনয় কৰিছে ক্ৰমে প্ৰীতি কংকনা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ, অৰুণ হাজৰিকা, ৰীণা বৰাই।













