![]()
নগাঁও (Nagaon) জিলাৰ সংখ্যালঘু অধ্যুষিত কেতবোৰ অঞ্চলত ব্যাপক হাৰত অবৈধ অস্ত্ৰৰ সৰবৰাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ ৰূপহীহাট আৰক্ষী (Rupahihat Police Station) থানাৰ অন্তৰ্গত কাছখাইটিত ভাৰতীয় সেনাৰ গজৰাজ চোৰাংচোৱা বিভাগৰ সহযোগত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতা আৰু ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত কালি নিশা চলা এক অভিযানত এটা ৭.৬৫ এম এম পিষ্টল, দুজাঁই সজীৱ গুলী আৰু দুটা হস্তনিৰ্মিত গ্ৰেণেডসহ আজিজুৰ ৰহমান (Azizur Rahman) নামৰ এটা কুখ্যাত অপৰাধী (Notorious criminals) আৰক্ষীৰ জালত পৰে। ধৃত (Arrested) আজিজুৰ পূৰ্বে ডকাইতি আৰু হত্যাৰ দৰে অপৰাধৰ লগত জড়িত বুলি নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট আৰু জুৰীয়া অঞ্চলত ব্যাপক হাৰত অবৈধ অস্ত্ৰৰ সৰবৰাহ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।
আনহাতে অবৈধ মাৰনাস্ত্ৰৰে (Illegal weapons) সু-সৰ্জ্জিত একাংশ দুৰ্বৃত্তই জিলাখনৰ বিভিন্ন স্থানত ডকাইতিৰ লগতে অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰি আতংকৰ সৃষ্টি কৰি অহিছে। বৰ্তমান পুনৰ অপৰাধী চক্ৰ সক্ৰিয় হোৱা ঘটনাই নগঞা ৰাইজক শংকিত কৰি তুলিছে।











