![]()
জাগীৰোডত (Jagiroad) সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা লোমহৰ্ষক কাণ্ড। এগৰাকী যুৱকৰ আক্ৰমণত গুৰুতভাৱে আহত হয় একে পৰিয়ালৰে কেইবাজনো সদস্য। জাগীৰোডৰ বঙালবৰীত সংঘটিত হৈছে এই কাণ্ড। যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতভাৱে আহত হয় পৰিয়ালটোৰ তিনিগৰাকী মহিলা। নিজাম আলী নামৰ যুৱকজনে সংঘটিত কৰে এই আক্ৰমণৰ (Attack) ঘটনা।

আক্ৰমণত আহত মহিলা তিনিগৰাকী হৈছে মফিজা খাতুন, মঞ্জিলা খাতুন আৰু কচিৰুণ নেচা। আহত আটাইকেইগৰাকীকে জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে অভিযুক্ত নিজাম আলীয়ে কি কাৰণত এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।













