![]()
আন্তৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনাখনেই ডিফু আৰক্ষীৰ জালত পৰিল মহিলা সহ দুই যুৱক ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনটী মজুমদাৰ , প্ৰৱেছনাৰী উপপৰিদৰ্শক অৰিন্দম বৰা আৰু ভিডিপিৰ সহযোগত বিয়লি হৰিলাল বস্তি আৰু ডিফু ৰেল ষ্টেছনৰ পৰা মহিলা সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
যুৱক দুজনৰ পৰা আৰক্ষীয়ে ছয়টা ছাধা টেমাত ৩৯০ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে পুৱতি নিশাও ডিফু ৰেলষ্টেচনত ডিমাপুৰৰ পৰা আহি থকা অৱস্থাতো বাহাৰুল ইছলাম আৰু ছাদ্দাম হুছেইনকো আৰক্ষীয়ে ২২০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছৰ সৈতে আটক কৰিছিল ৷
আৰু আৰক্ষীয়ে এই সন্দৰ্ভত ডিফু থানাত ৪৫/২০২২ নম্বৰত এক গোছৰ ৰুজো দি বাহাৰুল আৰু ছাদ্দামক ডিফু আদালতত হাজিৰ কৰাই দুদিনৰ ৰিমাণ্ডত আনিছিল ৷ আৰু দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আজি বিয়লি ৩৭ বছৰীয়া তুতামিঞা আৰু ২৪ বছৰীয়া মোছাম্মত আতিফা আকতাৰা বেগম,আৰু মিজানুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয় ৷












