ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ঈদ-উল-ফিটৰ : মানৱতা আৰু ভাতৃত্ববোধৰ এক উৎসৱ

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
May 3, 2022
Reading Time: 1 min read
A A
0
ঈদ-উল-ফিটৰ : মানৱতা আৰু ভাতৃত্ববোধৰ এক উৎসৱ

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 | ASSAM TIMES POST

ঈদ মানে খুচি। মানৱতা আৰু ভাতৃত্ববোধৰ এক অনন্য উৎসৱ। মাহজোৰা উপবাস আৰু কঠোৰ কৃচ্ছ সাধনাৰ অন্তত ইছলামধৰ্মী লোকসকলৰ বাবে এক আনন্দ উৎসৱ ঈদ-উল-ফিটৰ। পিছে মহামাৰী কৰোনাৰ বাবে বিগত দুটা বছৰত নাছিল কোনো উৎসাহ, আনন্দ৷

ঈদ-উল-ফিটৰঈদগাহ অথবা মছজিদ আছিল জনশূন্য, সজোৱা হোৱা নাছিল আটকধুনীয়াকৈ৷ এইবাৰ পিছে পৰিস্থিতি উন্নত হৈছে। সেয়ে হৃদয়ে হৃদয়ে আনন্দৰ বতৰা বিলাবলৈ, শান্তি-সম্প্ৰীতি-ভাতৃত্ববোধৰ বাৰ্তা দিবলৈ, চেনেহ এনাজৰীৰে ইজনে সিজনক বান্ধিবলৈ আহিছে ঈদ-উল-ফিটৰ৷ প্ৰতি বছৰে ইছলামিক কেলেণ্ডাৰৰ ৰমজান মাহত এমাহজোৰা ব্ৰত অৰ্থাৎ ৰোজা ৰখাৰ অন্তত এই ঈদ পালন কৰা হয়৷

ঈদ-উল-ফিটৰ :মানৱতা আৰু ভাতৃত্ববোধৰ এক উৎসৱঈদগাহ অথবা মছজিদত পঢ়া হয় ঈদৰ সমূহীয়া নামাজ৷ ইছলাম ধৰ্মৰ প্ৰধান দুটা উৎসৱ হৈছে ঈদ-উল-ফিটৰ আৰু ঈদ-উল-আজহা৷ ইয়াৰে ঈদ-উল-ফিটৰক কোৱা হয় আনন্দ আৰু দানৰ উৎসৱ৷
ইছলাম ধর্মৰ কেলেণ্ডাৰ হিজৰিৰ দশম মাহ শাবন। ৰমজানৰ পিছৰ মাহটো হৈছে এই শাবন মাহ৷

ৰমজান মাহত এমাহজোৰা ব্ৰত অৰ্থাৎ ৰোজা ৰখাৰ পিছত শাবন মাহৰ ১ তাৰিখে পালন কৰা হয় ঈদ-উল-ফিটৰ৷ ৰমজান মাহৰ শেষৰ দিনাখন শাবনৰ চান্দ অৰ্থাৎ ন-জোন দেখাৰ পিছতেই পালন কৰা হয় ঈদ-উল-ফিটৰ৷ বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাণীৰে বিশ্বৰ লগতে আমাৰ দেশ তথা ৰাজ্যবাসীয়ে পালন কৰে ঈদ-উল-ফিটৰ৷

ঈদ-উল-ফিটৰৰ লগত সাঙোৰ খাই আছে পবিত্ৰ ৰমজানৰ মহত্ব। ৰমজানৰ ৰোজা মানেই হৈছে নিজক সংযমী কৰা। আত্মসংযমৰ জৰিয়তে ৰিপু দমন, মনৰ কলুষতা নিৰ্মূল। ৰমজানৰ দুটা প্ৰধান দিশ হৈছে ফিৎৰা আৰু জাকাত। ফিৎৰা হৈছে এক নিৰ্ধাৰিত পৰিমাণৰ মূল্য, যিখিনি প্ৰতিগৰাকী উপাৰ্জনশীল ব্যক্তিয়ে, কোনো ধাৰ-ঋণত নথকাকৈ, নিজৰ আয়ৰ পৰা সমাজৰ দুখীয়া-দৰিদ্ৰক কৰা দান।

নিৰ্ধাৰিত চৰ্তৰ অন্তৰ্ভুক্ত এটা পৰিয়ালে তেওঁলোকৰ প্ৰতিগৰাকী সদস্যৰ নামত উক্ত পৰিমাণৰ ধন দান কৰিব লাগে। আনহাতে, জাকাত হৈছে এক নিৰ্দিষ্ট দান। এই দান এগৰাকী ব্যক্তিৰ জীৱন ধাৰণতকৈ অতিৰিক্ত ভাবে আহৰণ কৰা সম্পত্তি বা ধনৰ এক নিৰ্দিষ্ট অনুপাতত দুখীয়া ব্যক্তিক দান কৰিব লাগে।

ঈদ-উল-ফিটৰইয়াৰ দ্বাৰা ঈদৰ দিনটোত যাতে সকলোৱে এমুঠি সুখৰ অন্ন গ্ৰহণ কৰিব পাৰে, ঈদৰ আনন্দ উপভোগ কৰিব পাৰে তাৰে এক ব্যৱস্থা। ইয়াৰ দ্বাৰা এটা কথা ক’ব পাৰি যে সমাজত ভেদাভেদৰ বাতাবৰণ হ্রাসৰ বাবেই ফিৎৰা তথা জাকাতৰ প্ৰৱৰ্তন।

ঈদ হৈছে ভাতৃত্ববোধৰ এক নিদৰ্শন। ঈদৰ নামাজত ধনী-দুখীয়া সকলোৱে কান্ধত কান্ধ মিলাই সমবেত হয়। ইয়াৰ দ্বাৰা সমাজৰ উচ্চ-নীচৰ পাৰ্থক্য আঁতৰোৱাৰ বাণী বিলোৱা হয়। ঈদৰ দিনা আয়োজন কৰা ভিন্ন প্ৰকাৰৰ খাদ্য প্ৰকৰণ উপভোগৰ বাবে সকলোকে আমন্ত্ৰণ জনোৱা হয়। ইজনে সিজনৰ ঘৰলৈ গৈ ঈদৰ সুস্বাদু আহাৰ গ্ৰহণ কৰে।

ইয়াত নাথাকে কোনো ধনী-দুখীয়াৰ ভেদাভেদ, নাথাকে জাতি-বৰ্ণৰ পৰিচয়। বিশ্ব ভাতৃত্ববোধৰ মন্ত্ৰ বিলাবলৈয়ে ঈদৰ এই আয়োজন।
বৰ্তমান সময় বৰ প্ৰত্যাহ্বানমূলক হৈ পৰিছে। বিভিন্ন অশুভ কাৰকে সমাজত ক্ৰিয়া কৰিব লৈছে।

মানুহৰ মাজত সংকীৰ্ণতাৰ দেৱাল সৃষ্টি হৈছে। আশাকৰো এই ঈদৰ বাণীৰেই সকলো অসূয়া-অপ্ৰীতিৰ পৰা আমি মুক্ত হৈ এখন নতুন সমাজ গঠনৰ দিশে অগ্ৰসৰ হ’ব পাৰো। এই ঈদ হওক মনৰ অসুৰবোৰ বধ কৰি মানৱতাৰ জয়গান গোৱাৰ উৎসৱ। আহক আমি সকলোৱে কান্ধত কান্ধ মিলাই এখন সুন্দৰ সমাজ নিৰ্মাণ কৰো। সকলোকে ঈদ-উল-ফিটৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Eid-ul-Fitrঈদ-উল-ফিটৰ
Share12Tweet8Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d