ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূব ভাৰতৰ সংসদীয় ৰাজনীতিত কংগ্ৰেছৰ প্ৰভাৱ হ্ৰাস পোৱাৰ সময়তে ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি প্ৰদ্যুত কিশোৰ দেব বৰ্মনৰ দলত্যাগৰ বাবে অনাগত দিনটো দলটো ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিছুদিন পূৰ্বেই তেওঁ পদত্যাগ কৰিছিল যদিও মঙলবাৰে পুৱাহে তেওঁ আনুষ্ঠানিকভাৱে এই কথা ৰাজহুৱা কৰে। তেওঁ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি পদকে প্ৰমুখ্য কৰি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰাৰ কথা স্পষ্টকৈ কয়। এই সন্দৰ্ভত তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান লোকে ত্ৰিপুৰা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি আহিছে। তদুপৰি ত্ৰিপুৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক লুইজিনহু ফেলেইৰ’য়েও এনে বিজেপি নেতাসকলে বিচৰা ধৰণেৰেহে কাম কৰি আছে।













