ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তি:

ASSAM TIMES POST by ASSAM TIMES POST
June 20, 2021
Reading Time: 3 mins read
A A
0
বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কীৰ্তি:

RELATED POSTS

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

logo new 2 1 | ASSAM TIMES POST

বিশেষ প্ৰতিবেদন:

জন্ম আৰু শৈশৱ : বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম
হৈছিল অবিভক্ত বংগদেশৰ ঢাকাত ১৯০৯ চনৰ
৩১ জানুৱাৰী তাৰিখে। তেওঁৰ পিতৃৰ নাম
গোপাল চন্দ্ৰ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ
শৈশৱ কাল ঢাকাতেই অতিবাহিত হৈছিল।

maxresdefault 46 | ASSAM TIMES POSTশিক্ষা জীৱন : বিষ্ণুপ্ৰসাদ ৰাভাৰ
প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাত,
বাংলা মাধ্যমত। প্ৰাথমিক শিক্ষা সাং কৰি
তেওঁলোক তেজপুৰলৈ গুচি আহি স্থায়ীভাৱে
থাকিবলৈ লয়। ইয়াতে তেওঁ তেজপুৰ চৰকাৰী হায়াৰ চেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰে। হাইস্কুলত পঢ়ি থকা
সময়তে তেওঁৰ পিতৃৰ মৃত্যু হয়। ১৯২৬ চনত সেই
স্কুলৰপৰা তেওঁ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কলিকতা (কলকাতা) লৈ উচ্চ শিক্ষাৰ বাবে যাত্ৰা কৰে। তেওঁ St. Paul’s Cathedral Mission College-ৰপৰা I.Sc পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ৰিপন কলেজত BSc পঢ়িবলৈ লয়। সেই সময়ত (১৯৩০ চনত) তেওঁ মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হয়। লগতে আকৰ্ষিত হয় সাম্যবাদী দলৰ আদৰ্শৰ প্ৰতি। সেয়ে তেওঁ চিপিআই দলত যোগদান কৰি স্বাধীনতা আন্দোলনতো অংশ লয়। যাৰ ফলত তেওঁৰ পঢ়া আধৰুৱা হৈ ৰ’ল।

Untitled 3 48 | ASSAM TIMES POSTস্বাধীনতা আন্দোলনত ৰাভা : ৰিপন
কলেজত পঢ়ি থকা সময়তে তেওঁ ভাৰতৰ
স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।
তেওঁ কলকাতাত ব্ৰটিছৰ বিৰুদ্ধে বহুতো
শ্লোগান লিখিছিল আৰু বহুতো চৰকাৰী
স্থানত ত্ৰিৰংগ পতাকা উৰুৱাইছিল।
তেওঁ ভিক্টোৰিয়া কলেজত ব্ৰিটিছৰ
ইউনিয়ন জেক নমাই কংগ্ৰেছৰ পতাকা
উত্তোলন কৰি দেৱালত শ্ল’গান লিখিছিল –
“ৰাজ্যে আছে দুইটি পাঠা,
একটি কালো একটি সাদা,
ৰাজ্যেৰে যদি মংগল চাও,
দুইটি পাঠা বলি দাও৷”

ৰাভাই সেই সময়ত কংগ্ৰেছৰ আদৰ্শৰে
অনুপ্ৰাণিত হৈয়ো, উপলব্ধি কৰিছিল যে
সাম্ৰাজ্যবাদী বৃটিছৰ দৰেই দেশীয় জমিদাৰ,
মহাজন আদিও হালোৱা-হজুৱাসকলৰ শত্ৰু৷
‘বগা-ক’লা’ দুয়োবিধ শোষক শ্ৰেণীৰ শাসন-
শোষণৰপৰা মুক্ত হ’লেহে সৰ্বসাধাৰণৰ প্ৰকৃত
মংগল হ’ব৷ কিন্তু, কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত
তেনে দেশীয় শত্ৰুৱেই গিজগিজাই আছিল
বাবে তেওঁ মাৰ্ক্সীয় আদৰ্শইহে সৰ্বসাধাৰণক
মুক্তিৰ প্ৰকৃত পথৰ সন্ধান দিব বুলি উপলব্ধি
কৰিছিল৷ বৃটিছে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। ১৯৩১ চনত তেওঁ তেজপুৰলৈ ঘূৰি আহে। আৰু তেজপুৰৰ পৰা তেওঁ নিজৰ সংগ্ৰাম অব্যাহত ৰাখে। বিষ্ণুৰাভাই স্বাধীনতা মানে কেৱল বৃটিছৰ পৰা স্বাধীনতা লাভকে চিন্তা কৰা নাছিল। স্বাধীনতা বিচাৰিছিল

পুঁজিবাদৰপৰা; স্বাধীনতা বিচাৰিছিল শ্ৰমিকৰ দাসত্বৰপৰা; শোষণৰপৰা দুৰ্ভিক্ষৰপৰা আৰু সমাজৰ সকলো দানৱৰপৰা। তেওঁ আহ্বান জনাইছিল এইবুলি, “ভাঙ ভাঙ লোহাৰ শিকলি ভাঙ; ছিঙ ছিঙ ছিঙ দাসৰ বান্ধোন ছিঙ।” তেওঁ তেওঁৰ ২৫০০ বিঘা মাটি দুখীয়া কৃষকসকলক দান দিছিল। তেওঁ শ্লোগান লিখিছিল, “হাল যাৰ মাটি তাৰ।” বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়খন য’ত আছে সেয়াও তেওঁৱেই দান দিয়া মাটি আছিল।

কৰ্মময় আৰু বৰ্ণময় জীৱন : বিষ্ণু প্ৰসাদ
ৰাভা আছিল একাধাৰে কবি, সাহিত্যিক,
নাট্যকাৰ, অভিনেতা, গীতিকাৰ, সংগীতজ্ঞ,
সুগায়ক, নৃত্যবিদ, চিত্ৰশিল্পী। বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা আৰু গীতত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী চিন্তা, অসমৰ প্ৰাকৃতিক পৰিৱেশৰ উমান পোৱা যায়। তেওঁৰ ৰচিত দুটিমান গীত–

১) বিলতে হালিছে ধুনীয়া পদুমি
২) মোৰ কবিতাৰ চন্দ লাগি
৩) টিলাই টিলাই ঘূৰি ফুৰে
৪) আজি মন্দিৰৰ দুৱাৰ খোলা
৫) বিশ্বৰ চন্দে
৬) পৰজনমৰ শুভলগনত
৭) অসমীয়া ডেকাদল
৮) আই মোৰ ভাৰতী জননী

ৰাভা দেৱৰ এই গীতসমূহক “বিষ্ণু ৰাভা সংগীত”
বুলি কোৱা হয়। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ এগৰাকী সমৰ্থক আছিল। সেয়ে তেওঁ বৰগীত গাইছিল আৰু মহান বৰগীতৰ গায়ক হিচাপেও প্ৰখ্যাত হৈছিল।
বিষ্ণু প্ৰসাদ ৰাভাই শৈশৱ কালতেই অভিনয়
জগতত পদাৰ্পণ কৰিছিল। ১৯১৭ চনত ঢাকাত
এখন উৰ্দু নাটত তেওঁ সৰু ৰাজকোঁৱৰৰ চৰিত্ৰত
অভিনয় কৰিছিল। তেওঁ তেজপুৰৰ বান
ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় প্ৰদৰ্শন কৰিছিল। পিছলৈ তেওঁ ‘যাত্ৰা’ পাৰ্টীত সোমাই অভিনয় কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী বোলছবিত বহুত ক্ষেত্ৰত সহায় কৰিছিল। ছিৰাজ, এৰা বাটৰ সুৰ, প্ৰতিধ্বনি; এই বোলছবিবোৰত তেওঁ অভিনয়ো কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী সুনিপুণ নৃত্যশিল্পী। ১৯৩৯ চনত বাৰাণসীত কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি সৰ্বপল্লী ৰাধাকৃষ্ণণৰপৰা “কলাগুৰু” উপাধি লাভ কৰে। বিষ্ণু প্ৰসাদ ৰাভাই বহুতো উপন্যাস, নাট, প্ৰবন্ধ, গল্প ৰচনা কৰি থৈ যায়।

maxresdefault 47 | ASSAM TIMES POST১) উপন্যাস: সোণপাহী; মিচিং কনেং
২) নাট: গেঙনি ৰেঙনি
৩) প্ৰবন্ধ: অসমীয়া কৃষ্টি; অসমীয়া কৃষ্টিৰ চমু
আভাষ; অতীত অসম; মুক্তি দেউল
৪) গল্প: মামীৰ হাৰ; কুৰি বছৰ জেইল; হিয়াৰ
পুং; জাল কেছ।

বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী মহান
চিত্ৰকৰ। তেওঁ বহুতো দেৱ-দেৱীৰ চিত্ৰ
অংকন কৰিছিল।

পাৰিবাৰিক জীৱন : ৰাভাদেৱে বিয়া
কৰাইছিল ১৯৩৭ চনৰ ২৪ নৱেম্বৰ তাৰিখে
যোৰহাটৰ প্ৰিয়বালা বৰুৱাক। তেখেত
এগৰাকী গায়িকা আছিল। কিন্তু বিয়াৰ
কেইদিনমানৰ পিছতেই তেওঁৰ মৃত্যু হয়। ১৯৫১
চনত ৰাভাদেৱে দ্বিতীয়বাৰ বিয়াত বহে।
তেওঁ নলবাৰীৰ বেলশৰৰ কনকলতা মেধিক
বিয়া কৰায়। ১৯৬২ চনত তেওঁৰ দ্বিতীয়া
পত্নীৰো মৃত্যু হয়। তেওঁ কোকৰাঝাৰৰ
মোহিনীবালা বসুমতাৰীক বিয়া কৰায়।
ৰাভাদেৱৰ তিনিগৰাকী পুত্ৰ সন্তান আৰু
এজনী কন্যা সন্তান আছিল। কন্যা সন্তানটি
জন্ম হৈয়েই মৃত্যুমুখত পৰে।

ৰাজনৈতিক জীৱন আৰু মৃত্যুবৰণ :
বিষ্ণু প্ৰসাদ ৰাভাই চিপিআই দলত যোগদান
কৰিছিল। তেওঁ কেইবাবাৰো নিৰ্বাচন
খেলিছিল। প্ৰথমে ১৯৫৭ চনত বৰপেটা
বিধানসভা সমষ্টিৰপৰা নিৰ্বাচনত উঠি তেওঁ
পৰাজিত হয়। ইয়াৰ পিছত ১৯৬৭ চনত তেওঁ
তেজপুৰ বিধানসভা সমষ্টিৰপৰা জয়লাভ কৰে।
১৯৬৮ চনত আকৌ কোকৰাঝাৰ সমষ্টিৰপৰা
লোকসভাৰ নিৰ্বাচন খেলি পৰাজয়বৰণ কৰে।
তেজপুৰৰ
বিধায়ক (১৯৬৭-১৯৭২) হৈ থকা কালতেই তেওঁৰ
১৯৬৯ চনৰ ২০ জুন তাৰিখে মৃত্যু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: feature
Share75Tweet47Send

Related Posts

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d