ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কবিতা

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 3 mins read
A A
0
কবিতা

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

sky1 poem final | ASSAM TIMES POSTসময়
অনামিকা শইকীয়া

মোৰ চোতালৰ কৃষ্ণচূড়া জোপা
তাতো আছে মোৰ হিয়াৰ বতৰা
মনত পৰে কোনোবা নিজান দুপৰীয়া
তোমাৰ স’তে কথাপাতি আপোন পাহৰা হোৱা

তুমি চাগে পহৰিলা
কথাটো কিন্তু সঁচা
নিমিষতে পুৰণি হয় নতুন খবৰ
কোনো খবৰেই এতিয়া নিজৰ নহয়
ফোনঃ ৯১০১১৪৪৮৪৩
***********************

অনুৰাগ
কিঙ্কৰ দাস

নদীলৈ কিনো চাইছা ইমান কৈ?
বৈ আছে, ক’লৈ?
ই চোন আছে বৈ
তোমাৰ পৰা মোলৈ
সূৰুজ ডুবা ঘাটলৈ।
******************
স্থানাংক
প্ৰভাত কলিতা

বহুতো শূন্যৰ সমষ্টিৰে
এটা বৃহৎ শূন্য
বহি আছে
থম্ থম্ মদনগোপাল
নাই সুখ নাই দুখ
নাই কোনো পাপ বা পুণ‍্য
তাৰ বাঁও হাতে আন্ধাৰ
সোঁহাতে পোহৰ
বাঁওহাতে দুখ
সোঁহাতে সুখ
বাঁওহাতে পাপ
সোঁহাতে পূণ‍্য
সেই শূন্যৰ বাঁওহাতে
বহু যোজন আঁতৰৰ পৰা
আহি আছোঁ মই
এখোজ আগলৈ দি
কেতিয়াবা দুখোজ পিছুৱাইছোঁ
লগ পাইছোঁ অনেক সতীৰ্থ
এদিন মই তোমাক নে
তুমি মোক নাজানো
আমি আমাক লগ পালোঁ
হাতে হাত ধৰি আহি আছোঁ দুয়ো
লাহে লাহে দুয়ো যেন
শূন্যৰ কাষ চাপিছোঁ
তুমি কৈছা শূন্যৰ স্থান পালেই
আমি আৰু নাগুৱাও
মইও হয়ভৰ দিছোঁ
শূন্যৰ কেন্দ্ৰতে
আন্ধাৰ-পোহৰৰ দোমোজাতে
হওক আমাৰ স্থান৷
ফোনঃ ৯৪৩৫৩১৯৭৮৯
************************
বুটাম
উৎপল ভট্টাচাৰ্য

চোলাৰ বুটাম এটা চিঙিছে।
থাকক দিয়া তেনেকে
যিদিনা বুজিবা মোক, সী দিবা বুকুতে।

বগা চোলাৰ ক’লা বুটামেও বুজে
তোমাৰ হাতৰ স্পৰ্শত কেনেকৈ বাঢ়ে
মোৰ বুকুৰ স্পন্দন।
****************
সুৱাগুৰি আঘোন
চন্দনা ভাগৱতী

শাওনৰ পথাৰত
ভূঁই ৰুই থাকোতে
উৰি আহিল
এটি, দুটি বহুতো কবিতা

আলফুল বিভোৰ সপোন
কবিতা সজোৱা দাপোন

দাপোনত কাৰ মুখ –?
: তোমাৰ মুখ৷
: মোৰ মুখ৷

এনেদৰে, বোকাপানী ফেনেকি থাকোতে
আকাশ, মাটিৰ গানৰ তৰংগেৰে
নামি আহিল
সুৱদী, সুৱাগুৰি আঘোন৷
*********************
শুভৰাত্রি
চম্পক ভট্টাচাৰ্য

দিনৰ প্ৰথম দৰ্শনত আপোনাক জনালোঁ সু-প্ৰভাত।
তাৰ পিছত,
আপোনাৰ গোহালিৰ গৰু এটা মৰিল,
খবৰ লোৱা নহ’ল৷

আপোনাৰ শয্যাগত পিতৃৰ উদফাই ৰোগত যোৱা-থোৱা,
খবৰ লোৱা নহ’ল৷
ল’ৰাটোৰো হেনো পিছলি ভৰি এখন ভাগিল।
খবৰ লোৱা নহ’ল৷

আপোনাৰ পত্নী ৰক্তহীনতাত ভুগি কাবু হৈ আছে?
নাই , তাৰো খবৰ লোৱা নহ’ল৷

দুপৰীয়াৰ সাজলৈ আপোনাৰ ঘৰত টেকেলি কাটি।
খবৰ লোৱা নহ’ল৷

সাপ্তাহিক হাটলৈ আপুনি বাৰীৰ
পাচলি বেছিবলৈ নিছিল।
দাম বেছি অজুহাতত মই নিকিনিলোঁ৷
আপুনি ঘৰলৈ ওভোটাই লৈ আহিল সৰহখিনি।
হয়তো চাউল কিনা নহ’ল আপোনাৰ।
পিতৃৰ বাবে দৰব
পত্নীৰ বাবে অলপ পথ্য
কিনা নহ’ল চাগৈ!
ল’ৰাটোকো ডাক্তৰৰ ওচৰলৈ নিয়া নহ’ল আপোনাৰ!
অথচ এবাৰো খবৰ ল’বলৈ আহৰি নহ’ল মোৰ।

এতিয়া ৰাতি আপোনাৰ স’তে মুখামুখি হৈ
নিৰুদ্বেগ ভাৱে ক’ব পাৰিছোঁ
শুভৰাত্রি , শুভৰাত্ৰি।

Untitled 2 1 | ASSAM TIMES POST

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share35Tweet22Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
50
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
51
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d