ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কবিক কোনো সংজ্ঞাই বান্ধিব নোৱাৰে : ডঃ নগেন শইকীয়া

ASSAM TIMES POST by ASSAM TIMES POST
March 14, 2020
Reading Time: 1 min read
A A
0
কবিক কোনো সংজ্ঞাই বান্ধিব নোৱাৰে : ডঃ নগেন শইকীয়া

RELATED POSTS

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

ডিব্ৰুগড়ত অসমীয়া কবিতা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ  ইস্তাহাৰ প্ৰকাশ

বিভাস দুৱৰা, ডিব্ৰুগড় : অসমীয়া কবিতা সম্পৰ্কীয় প্ৰথমখন ইস্তাহাৰ পৰ্বান্তৰৰ পদ্য আজি ডিব্ৰুগড়ত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই উক্ত কবিতা সম্পৰ্কীয় গ্ৰন্থখন উন্মোচন কৰি কয় যে এইখনেই অসমীয়া কবিতাৰ প্ৰথম ইস্তাহাৰ।পঠনযোগ্য কবিতাই পাঠকক আগ্ৰহী কৰি তোলাই নহয় অধিকভাৱে আকৰ্ষণ কৰে।

এইখন ইস্তাহাৰে অসমীয়া কবিতা জগতলৈ এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হোৱাৰ লগতে নতুন চিন্তাৰ কোৰাক দিবলৈ সক্ষম হব। তদুপৰি প্ৰতিগৰাকী কবিয়ে এই ইস্তাহাৰৰ মতেই যে কবিতা লিখিব তাৰ কোনো ধৰা বন্ধা নিয়ম হ’ব নোৱাৰে। প্ৰতিগৰাকী  লেখক, কবিয়ে নিজকে  প্ৰশ্ন কৰিলেই একো  একোটা প্ৰকৃত উত্তৰ পাবলৈ সক্ষম হব। কবিয়ে অনুভূতিক জাগ্ৰত ধৰি ৰাখিব খোজে আৰু ইয়াত উপযুক্ত শব্দ গাথঁনিয়ে একোটা সুন্দৰ, নিপোটল কবিতা সৃষ্টিত সহায়ক হয়। সেয়ে কবিক কোনো সংজ্ঞাই বান্ধি ৰাখিব নোৱাৰে। ডিব্ৰুগড় হনুমানবক্স  সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৰ্বান্তৰৰ পদ্য শীৰ্ষক কবিতা কেতবোৰ প্ৰসংগ পূৰ্ণবিবেচনা আৰু নতুনকৈ বিবেচনা সন্দৰ্ভত এক ইস্তাহাৰ উন্মোচন কৰি এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ড: নগেন শইকীয়াই ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কবিতা অধ্যয়ন গোট দ্বাৰা প্ৰকাশিত উক্ত কবিতা সম্পৰ্কীয় গ্ৰন্থ উন্মোচন অনুষ্ঠানটোত গোটৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক, সমালোচক ডঃ আনন্দ বৰমুদৈয়ে ইস্তাহাৰখনৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি কয় যে কবিতাৰ ভাষাত জটিলতা থাকিব নালাগে, কাৰণ কবিতা যিহেতু পাঠকৰ বাবেই লিখা হয়।জনজীৱনৰ পৰাই কবিতা আৰম্ভ হয় যেতিয়া কবিসকলে তাৰ পৰা নিজকে আঁতৰাই ৰখাটো কেতিয়াও সম্ভব নহয়। প্ৰতিগৰাকী কবিৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ কবিতাক লৈ যোৱাৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত সহজ সৰল ভাষা প্ৰয়োগ কৰিলে সুফল পোৱা যাব বুলি কোৱাৰ লগতে কবিসকলক গদ্যৰ লগত সুসম্পক  বজাই ৰখাৰো দায়িত্ব আছে বুলি নিজৰ ভাষণত কয় আনন্দ বৰমুদৈয়ে ।

সমাজৰ সমস্যাৰ কথা কবিতাত থাকিব লাগিব সেয়ে কবিসকলক সমাজৰ পুনঃনিৰ্মানৰ খনিকৰ বুলি কোৱাৰ লগতে সূক্ষ্ম চিন্তাৰ গৰাকী বুলিও কোৱা হয়।নিৰ্বাচিত শব্দ সংযোজনে কবিতাক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে পাঠকৰ মাজলৈ নিয়াত সহায় কৰে। উল্লেখ্য যে পৰ্বান্তৰৰ পদ্য অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পূৰ্ণবিবেচনা আৰু নতুনকৈ বিবেচনা সন্দৰ্ভত এক ইস্তাহাৰ শীৰ্ষক সংকলনটো সম্পাদনা কৰিছে ডঃ আনন্দ বৰমুদৈয়ে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভণিতে কবিতাৰ গোটৰ যুটীয়া সম্পাদক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সংকলনটো বৰ্তমান সময়ৰ প্রয়োজন সম্পৰ্কে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি সকলোকে অনুষ্ঠানটোলৈ আদৰণি জনায়।

কণ্ঠশিল্পী ৰনদীপ বৰাই  বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীত পৰিবেশন কৰা কবিতাৰ ইস্তাহাৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি,সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক  ডঃ কৰবী ডেকা হাজৰিকাই বৰ্তমানৰ কবিতা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা লগতে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই মহাবিদ্যালয়ৰ তৰফৰ পৰা উপস্থিত সকলোকে আদৰণি জনায়।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ কবি সুমন দত্ত,যাদৱ গগৈ, অসীম শৰ্মা,প্ৰণয় ফুকন,ৰাজীৱ বৰা,বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই,ৰনদীপ বৰাই পাঠ কৰাৰ পাছতে কবি কমল কুমাৰ তাঁতী, দিগন্ত শইকীয়া, গোপাল হাজৰিকা,অমিতাভ ফুকন,নিমিষা শইকীয়া,মানসী গগৈ, নিৰুদ গোহাঁই,ভূপেন কুমাৰ গগৈ, বীৰেন গগৈ, চিন্টু সমীৰ বৰগোঁহাই, দিলীপ কৌশিক,মৃদুল শৰ্মা,নৃপেন গোস্বামীকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী কবিয়ে কবিয়ে কবিতা পাঠ কৰে।কবিতা গোটৰ সদস্য ডঃ বিনোদ চন্দ্ৰ বৰাই আঁতধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ জৰিয়তে বৰ্তমান কবিতাক কেন্দ্ৰ কৰি হৈ থকা আলোচনা বিলোচনাক এক বিশেষ গতিপথ প্ৰদান কৰাই নহয় দিশ দেখুৱা ক্ষেত্ৰত সহায়ক হব বুলি উপস্থিত সকলোৱে একেমুখে ব্যক্ত কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share13Tweet8Send

Related Posts

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
ADVERTISEMENT
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d