
দেশৰ প্ৰথমখন তীব্ৰবেগী বুলেট ৰে’ল মুম্বাই-আহমেদাবাদ তীব্ৰবেগী কৰিড’ৰেৰে চলিব। ইয়াৰ পূৰ্বে বেংগালুৰুৰ ‘ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড’ চমুকৈ বিইএমএলে এই ৰে’ল নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কোম্পানীটোৰ কাৰখানা পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি প্ৰত্যক্ষ কৰে। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই বুলেট ট্ৰেইন।
প্ৰথম অৱস্থাত বুলেট ট্ৰেইনখনে ঘণ্টাত সৰ্বোচ্চ ২৮০ কিলোমিটাৰ বেগত চলাব পাৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে এই ৰে’লখনে ঘণ্টাত ২৪৯ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব। ৰে’লখনৰ দৈৰ্ঘ্য হ’ব ২০২ মিটাৰ। ইয়াত আঠটা ডবা থাকিব। ৰে’লখনত ৫৫৭ জন যাত্ৰীৰ বাবে বহিব পৰা ঠাই থাকিব। বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত হ’ব দুখন আসন। বুলেট ট্ৰেইনখনৰ সাতটা ডবা ‘ষ্টেণ্ডাৰ্ড ক্লাছ’ৰ হ’ব।

আন এটা ডবা হ’ব ‘এক্সিকিউটিভ ক্লাছ’ৰ। ৰে’লখনৰ দুয়োকাষে চালকৰ কেবিন থাকিব। যাত্ৰীসকলৰ পৰা ইতিবাচক সঁহাৰি আহিলে পিছত আৰু আঠটা ডবা ৰে’লত সংযোজন কৰিব পৰা যাব। ৰে’লখনত যাত্ৰীসকলে হাত-ভৰি মেলিব পৰাকৈ বহল ঠাই ৰখা হৈছে। আধুনিক এলইডি লাইটিং থাকিব। ডবাটোৰ ওপৰত আৰু তলত বেগ ৰখাৰ ব্যৱস্থাও কৰা হৈছে।
যিকোনো বিষয়ৰ বিষয়ে যাত্ৰীসকলক অৱগত কৰিবলৈ প্ৰতিটো ডবাত স্বয়ংক্ৰিয় ঘোষণা ব্যৱস্থা থাকিব। ইয়াৰ উপৰি প্ৰতিটো ডবাত থাকিব এলইডি স্ক্ৰীণ। যাত্ৰীসকলক ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষাত তথ্য প্ৰদান কৰাত সহায় কৰা হ’ব। জৰুৰীকালীন অৱস্থাত যাত্ৰীসকলে কেৱল ডবাৰ পৰাই নহয়, ভেষ্টিবুলৰ পৰাও কণ্ট্ৰ’ল ৰুমলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।












