
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাবৰ শাসকীয় আম আদমী পাৰ্টী এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। দলটোৰ তিনিজন বিধায়কে কেইঘণ্টামানৰ ব্যবধানত বিধানসভাৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত হঠাতে তিনিজন বিধায়কৰ শিবিৰ পৰিৱৰ্তন অৰবিন্দ কেজৰিৱাল আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দলটোৰ বাবে এক বৃহৎ লজ্জাজনক ঘটনা হৈ পৰিছে। আনহাতে, এই শিবিৰ পৰিৱৰ্তনৰ সুযোগ লৈ বিজেপিয়ে পঞ্জাবৰ নিৰ্বাচনী যুঁজত নিজৰ স্থিতি অধিক শক্তিশালী কৰিছে।
সোমবাৰে পুৱা পদত্যাগ দাখিল কৰাৰ কিছু সময়ৰ পাছতে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তিনিওজন বিধায়কে গেৰুৱা পতাকা তুলি লয়। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত তেওঁলোকক দলটোত আদৰণি জনোৱা হয়। ৰাজ্যৰ আপ চৰকাৰে সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে দলৰ ভিতৰতে বিধায়কসকলৰ মতামতক কোনো গুৰুত্ব দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে দলত্যাগী বিধায়কসকলে।

আমোলাতন্ত্ৰিক নিয়ন্ত্ৰণ আৰু দলীয় নেতৃত্বৰ একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ব্যৱস্থাটোত যোগদান কৰাটোৱেই হৈছে পঞ্জাবৰ সামগ্ৰিক উন্নয়ন আৰু সীমান্তৱৰ্তী ৰাজ্যখনৰ নিৰাপত্তাৰ বাবে এই মুহূৰ্তত একমাত্ৰ সঠিক পথ। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে দলৰ ভিতৰত এনে বিভাজন নিঃসন্দেহে নেতৃত্বৰ বাবে এক ডাঙৰ সতৰ্কবাণী। বিগত নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে পঞ্জাবত ক্ষমতালৈ অহাৰ পাছতো আইন-শৃংখলা, কৃষকৰ অসন্তুষ্টি আৰু আর্থিক দায়বদ্ধতা আদি একাধিক বিষয়ত বিৰোধীৰ চৰকাৰৰ প্রতি আক্রমণ তীব্ৰতৰ হৈ পৰিছে৷ তেনে পৰিস্থিতিত বিজেপি শিবিৰত শাসকীয় দলৰ তিনিজন বিধায়কৰ যোগদানে বিৰোধী দলসমূহক এক ডাঙৰ ৰাজনৈতিক অস্ত্ৰ প্ৰদান কৰিলে।
যদিও আপ নেতৃত্বই দাবী কৰিছে যে এইসকল নেতাৰ বিদায়ে সংগঠনটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু দল সলনিৰ ৰাজনীতিক কেতিয়াও পঞ্জাবৰ ৰাইজে অনুকূল দৃষ্টিৰে নাচাব, তথাপিও নিৰ্বাচনৰ ঠিক প্ৰাকক্ষণত দল ত্যাগৰ এই নাটকীয় ঘটনাই পঞ্জাবৰ ৰাজনৈতিক সমীকৰণ যে নতুনকৈ উত্তপ্ত কৰি তুলিছে সেয়া কোৱা বাহুল্য।













