ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

নিউজ ডেস্কঃ

News Desk by News Desk
October 19, 2026
Reading Time: 1 min read
A A
0
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

RELATED POSTS

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

New Logo Smal | ASSAM TIMES POST

পথ মেৰামতিৰ কাম কৰি থকা অৱস্থাত এখন তীব্ৰবেগী বাহনৰ চেপাত পৰে কমেও ২০ জন শ্ৰমিক (20 workers)। দুৰ্ঘটনাত ৮ জন লোকে প্ৰাণ হেৰুৱায় (8 people died in the accident)। বাকীসকল গুৰুতৰভাৱে আহত হয়। পঞ্জাবৰ সাংগুৰুৰ জখল ৰোডত (Jkhal Road of Sanguru in Punjab) সংঘটিত হৈছে এই ঘটনা।

নিহত শ্ৰমিকসকলৰ ভিতৰত ৬ গৰাকী মহিলা। তেওঁলোকৰ নাম হৈছে কৰ্মজিৎ কৌৰ, সৰ্বজিৎ কৌৰ, ৰঞ্জিত কৌৰ, কৰ্মজিত আৰু ৰাণী কৌৰ। আৰক্ষীয়ে নিহত পুৰুষ শ্ৰমিককো চিনাক্ত কৰিছে। তেওঁলোক হ’ল জিবন সিং আৰু দেশ ৰাজ। মৃত সাতজন শ্ৰমিক একেখন গাঁৱৰ। থিতাতে মৃত্যু হয় পাঁচজনৰ। তিনিজনক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে মৃত ঘোষণা কৰে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ছোটিয়ান গাঁৱৰ জখল পথ মেৰামতিৰ কাম চলি আছিল। তাত আছিল ২০ জনতকৈ অধিক শ্ৰমিক। তীব্ৰ বেগেৰে গৈ থকা এখন চেডান গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা আঁতৰি যায়। গাড়ীখনে এজন এজনকৈ ২০ জন লোকক মহতিয়াই নিয়ে। অভিযুক্ত চালকজনৰ নাম পৰাগৎ সিং কালা। তেওঁ স্থানীয় বাসিন্দা। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গাড়ীখন এৰি চালকজনে পলায়ন কৰে। সেই সময়ত হৰবীন্দ্ৰ সিং নামৰ যুৱক এজনে এটা কাৰখানাত কাম শেষ কৰি ঘৰলৈ উভতি আহি আছিল। তেওঁৰ চকুৰ সন্মুখতে সংঘটিত হয় এই দুৰ্ঘটনা।

pun1 | ASSAM TIMES POST
২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

তেওঁ কয় যে হঠাতে এটা প্ৰচণ্ড শব্দ আৰু চিঞৰ-বাখৰত তেওঁ স্তম্ভিত হৈ পৰে। দৌৰি গৈ এটা ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে। বাহনখনৰ খুন্দাত দুৰ্ঘটনাত পতিত আটাইকেইজনেই কেন্দ্ৰীয় চৰকাৰৰ ভি বি জি-ৰামজী প্ৰকল্পত কাম কৰি আছিল। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কমেও ২৩ জন লোক আহত হৈছে। আন এজন প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে কেৱল পথৰ ওপৰতে পাঁচজন লোকৰ মৃত্যু হয়। তেওঁ কয়, “এম্বুলেন্সলৈ ৰৈ থাকোঁতেই বহু সময় পাৰ হৈ যায়। বহু পলমকৈ আৰক্ষী আৰু প্ৰশাসনৰ কোনোবা আহে। চকুৰ সন্মুখতে ৰক্তাক্ত মানুহবিলাক ছটফটাই মৰি যোৱা দেখিলোঁ!”

স্থানীয় লোকৰ অভিযোগ যে দুৰ্ঘটনাস্থলীৰ পৰা থানালৈ দূৰত্ব বেছি নহয়। কিন্তু আৰক্ষী আহি পোৱাৰ পোন্ধৰ মিনিট আগতেই অভিযুক্ত চালকজনে পলায়ন কৰে। ঘটনাৰ পিছতে ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ আৰম্ভ কৰে। শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতকৰ পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। পঞ্জাৱৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক বৰিন্দ্ৰ কুমাৰ গোৱেলে শোক প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অনতিপলমে সহায় আগবঢ়োৱা হ’ব বুলি কয়। আৰক্ষীয়ে জনোৱা মতে, এইটো কেনেকৈ হ’ল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। পলাতক চালকজনক বিচাৰি বিভিন্ন স্থানত তালাচী চলাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PunjabTragicroadaccident
Share4Tweet3Send

Related Posts

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

by News Desk
October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

by News Desk
October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

by News Desk
October 21, 2026
50
Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
National-International

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

by News Desk
October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

by News Desk
October 20, 2026
51
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

by News Desk
October 20, 2026
51
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d