ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

নিউজ ডেস্কঃ

News Desk by News Desk
September 14, 2026
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

RELATED POSTS

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

New Logo Smal 1 | ASSAM TIMES POST

মণিপুৰত অব্যাহত আছে অশান্তিকৰ পৰিৱেশ। বিগত ২৪ ঘণ্টাত দুটা পৃথক ঘটনাত কুকি জনগোষ্ঠীৰ চাৰিজন লোকক গুলীয়াই হত্যা কৰা হৈছে। গুলীচালনাত এটা শিশুও আহত হয়। কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে কুকি সংগঠনসমূহে অভিযোগ কৰিছে যে নগা জনগোষ্ঠীয়ে এই আক্ৰমণ সংঘটিত কৰিছে। কিন্তু প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে কোনো সংগঠনে হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই। দুয়োটা ঘটনা সংঘটিত হৈছে মণিপুৰৰ তামেনলং জিলাত। প্ৰথমটো আছিল দেওবাৰে পুৱা প্ৰায় ৫.৩০ বজাত। তামেনলং জিলাৰ টলেন গাঁৱত অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে কুকি দম্পতীক আক্ৰমণ কৰে। বন্দুকধাৰীৰ আক্ৰমণত মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। তেওঁৰ স্বামী আৰু ছয় বছৰীয়া শিশুটি গুলীৰ আঘাতত আহত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ সময়ত মৃত্যু হয় স্বামীৰো। শেহতীয়া তথ্য অনুসৰি, দম্পতীহালৰ সন্তানৰ শৰীৰৰ পৰা গুলী বাহিৰ কৰা হৈছে আৰু তেওঁ এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে।

আনহাতে, দুপৰীয়া তামেনলঙৰ লংপি গাঁৱত পুনৰ কুকি জনগোষ্ঠীৰ দুজন লোকক আক্ৰমণ কৰা হয়। এগৰাকী মহিলাও আক্ৰমণৰ বলি হয়। দুষ্কৃতিকাৰীয়ে দুয়োকে গুলীয়াই হত্যা কৰে। দেওবাৰে সংঘটিত এই ঘটনাৰ পিছত জিলাখনত এগৰাকী মহিলাৰ সন্ধান পোৱা হোৱা নাই বুলি দাবী কৰিছে এটা কুকি নাগৰিক সংগঠনে।

man | ASSAM TIMES POST
মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনান খেমচান্দ সিঙে এই হত্যাকাণ্ডৰ গৰিহণা দিয়ে। মণিপুৰৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, “এনে কাপুৰুষালিৰ আক্রমণ সহ্য কৰা নহ’ব।” অৱশ্যে এই ঘটনাৰ লগত কোন বা কিয় জড়িত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

উল্লেখ্য যে ১৯৯২ চনৰ পৰা মণিপুৰত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। বিভিন্ন হিচাপ অনুসৰি, সেই সংঘাতত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। পিছলৈ ২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকিৰ মাজত সংঘাতৰ সৃষ্টি হয়। সেই সংঘাতত ২৬০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। সংঘাত আৰম্ভ হোৱাৰ প্ৰায় ২১ মাহৰ পাছত ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰে। চাৰিদিন পিছত ১৩ ফেব্ৰুৱাৰীত ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। ইয়াৰ প্ৰায় এবছৰৰ পাছত ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰি বিজেপিৰ য়ুমনাম খেমচান্দ সিঙৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolence
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
51
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d