
আকস্মিক বানৰ ফলত নেপালৰ (Nepal floods) ঘৰ-দুৱাৰ আৰু সমগ্ৰ গাঁও উটুৱাই লৈ গৈছে। বোকাৰ প্ৰবাহে মাইলৰ পিছত মাইল ভূমি আগুৰি ধৰিছে। সেই বোকাৰ সোঁতত এটি চন্দুক (Box) ওপঙি আছিল। দুৰ্যোগৰ মাজতে নেপালত সেই চন্দুকটো ভাঙি লাখ লাখ টকা লুণ্ঠনৰ (Breaking the safe and looting money) অভিযোগ উত্থাপন হৈছে। সেই অভিযোগত ২৯ জন লোকক গ্ৰেপ্তাৰ (29 people arrested) কৰা হৈছে।
স্থানীয় সূত্ৰ অনুসৰি, চন্দুকটো প্ৰথমে ৰসুৱা অঞ্চলৰ ভোটে কোশী নদীত ওপঙি থকা দেখা গৈছিল। পিছত ধৰিঙৰ সমীপৰ গালচীৰ ত্ৰিশূলী নদীত ইয়াৰ অৱস্থান উদ্ধাৰ হয়। ধৰিং আৰক্ষীয়ে জনোৱা মতে, স্থানীয় লোকৰ এটা অংশই চন্দুকটো ভাঙি টকা লৈ যোৱাৰ তথ্য লাভ কৰে। লগে লগে ধৰিং থানাই এটা দল তালৈ পঠিয়াই দিয়ে। গাঁৱে গাঁৱে গৈ ২৯ জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা উদ্ধাৰ কৰে ৯২,৬৮,৫০৫ নেপালী টকা (Recovers 9,26,85,05 Nepali rupees)। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৫৭ লাখ টকা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱাসকলৰ অধিকাংশই গালচি-৪ৰ মাষ্টাৰৰ বাসিন্দা। দুজনমান আদমঘাটৰ বাসিন্দা। বাকীকেইজন পৰছাৰ চিতৱানৰ। তেওঁলোকৰ বয়স ১৯ৰ পৰা ৪৯ বছৰৰ ভিতৰত। আৰক্ষীয়ে এই ঘটনাত আৰু কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে।
ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ত দেখা গৈছে যে দুজন যুৱকে বানে উটুৱাই লৈ যোৱা এগৰাকী মহিলাৰ মৃতদেহৰ পৰা এটা লকেট আঁতৰাইছে। ভিডিঅ’টো চাই দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল আৰক্ষীয়ে জনোৱা মতে, মৃত আৰু আহতসকলৰ প্ৰতি কোনো ধৰণৰ অসন্মান সহ্য কৰা নহ’ব।












