
নেপালে আকস্মিক বান (Nepal Flood) দুৰ্যোগত বিদেশী সহায় গ্ৰহণ নকৰে বুলি কৈছিল। কিন্তু অৱশেষত আন্তঃৰাষ্ট্ৰীয় হেঁচাত নতশিৰ হ’বলগীয়া হ’ল। নেপালে সন্মতি দিয়াৰ পিছত ভাৰতে তালৈ উদ্ধাৰকাৰী দল প্ৰেৰণৰ (India sent rescue team to Nepal) প্ৰস্তুতি আৰম্ভ কৰিছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে নেপালৰ অনুৰোধত ব্যৱস্থা গ্ৰহণ কৰিছে। উদ্ধাৰ কামত কেনেদৰে সহায় কৰিব পাৰি সেই বিষয়েও তেওঁ আঁচনি ব্যাখ্যা কৰে।
ৰণধীৰে নিজৰ বিবৃতিত কয়, “নেপালৰ অনুৰোধত আমি তালৈ উদ্ধাৰকাৰী দল পঠোৱাৰ প্ৰস্তুতি চলাইছোঁ। তাৰ বাবে প্ৰথমে পৰিস্থিতি নিৰীক্ষণ (ৰেইকি) দল এটা নেপাললৈ যাব। তেওঁলোকে গৈ তাত পৰিস্থিতি পৰীক্ষা কৰিব। আমি পৰীক্ষা কৰিম যে কি কি সঁজুলিৰ প্ৰয়োজন হ’ব।” সেই দলটোৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পিছত ভাৰতৰ মূল উদ্ধাৰকাৰী দল নেপাললৈ ৰাওনা হ’ব। তদুপৰি ভাৰতে নেপাললৈ মেডিকেল দলো প্ৰেৰণ কৰিছে। তেওঁ কয় যে ভাৰতে নেপালত এখন দলং (বেইলী দলং) নিৰ্মাণৰ প্ৰস্তাৱ দিছে, যাতে দুৰ্যোগ ক্ষতিগ্ৰস্ত আৰু বিচ্ছিন্ন অঞ্চলসমূহৰ সৈতে দ্ৰুত যোগাযোগ স্থাপন কৰিব পৰা যায়।

বুধবাৰে পুৱা নেপালৰ ৰসুৱা জিলাৰ ভোটে কোশী নদীত হঠাৎ আকস্মিক বানপানীৰ সৃষ্টি হয়। গাঁৱৰ পিছত গাঁও বোকা আৰু নদীৰ পানীয়ে উটুৱাই লৈ যায়। ঘৰ, ৰাস্তা, গাড়ী, মানুহবোৰ খেৰৰ দৰে উটুৱাই লৈ যায়। এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ৫৭৯ জন। অৱশ্যে এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। নেপালত ৩২০ জন ভাৰতীয়ৰ সৈতে কোনো যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই। তেওঁলোকৰ লগতে ভাৰতীয় মূলৰ প্ৰায় ১০০ জন লোকৰো সন্ধান পোৱা নাই। বেছিভাগেই আছিল পৰ্যটক, যিসকলে কৈলাস-মানৰোবৰ ভ্ৰমণ কৰিবলৈ গৈছিল। বুধবাৰৰ দুৰ্যোগৰ পিছত আন বহু দেশৰ নাগৰিকৰো সন্ধান পোৱা নাই।
নেপালে প্ৰথমে কৈছিল যে উদ্ধাৰ কামত কোনো ধৰণৰ বিদেশী সহায় লোৱা নহ’ব। তেওঁলোকৰ সেনা আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰি আছিল বলেন্দ্ৰ শ্বাহৰ চৰকাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বলেন্দ্ৰ শ্বাহক ফোন কৰি সমৰ্থনৰ আশ্বাস দিয়ে। ভাৰতে বায়ুসেনাৰ এখন বিমানত সাহায্য সামগ্ৰীও প্ৰেৰণ কৰে। কিন্তু নেপালে উদ্ধাৰকাৰী দলটো পঠিয়াবলৈ নিদিলে। অৱশেষত শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় হেঁচাত নতশিৰ হ’বলগীয়া হয়। নেপালত নাগৰিক নিৰুদ্দেশ হোৱা দেশসমূহে কাঠমাণ্ডুক উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল। অৱশেষত তেওঁলোকে মান্তি হ’বলগা হ’ল। ভাৰতৰ বাহিৰেও চীন, বাংলাদেশ, শ্ৰীলংকা, ব্ৰিটেইন, আমেৰিকা, জাপান, দক্ষিণ কোৰিয়াৰ দৰে দেশে নেপালক উদ্ধাৰ অভিযানত সহায় কৰাৰ প্ৰস্তাৱ দিয়ে।












