
মধুচন্দ্ৰিকালৈ (Honeymoon) যোৱা দিল্লীৰ এগৰাকী আই টি কৰ্মী (IT worker)ৰ মৃতদেহ উদ্ধাৰ (Recovery of a dead body)। আই টি কৰ্মী ৰাধা গায়ত্ৰী (Radha Gayatri) স্বামীৰ সৈতে উত্তৰাখণ্ডৰ মুছৌৰী (Mussoorie in Uttarakhand)লৈ গৈছিল। তেওঁলোক এটা হোমষ্টেত আছিল। সোমবাৰে পুৱা হোমষ্টেৰ ভিতৰত ৰাধাৰ উলংগ আৰু ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়।
জানিব পৰা মতে, ৰাধা দুদিনমান আগতে স্বামী সৌম্য শ্ৰীচৰণৰ সৈতে মুছৌৰীলৈ গৈছিল। গুৰুগ্ৰামৰ এটা আই টি কোম্পানীত তেওঁ কাম কৰিছিল আৰু সৌম্যই পুনেত কাম কৰিছিল। ১৪ জুনত দুয়োৱে টিপৰি ধাৰৰ সমীপৰ এটা হোমষ্টেত আছিল। ১৪ জুনৰ নিশা প্ৰায় ১১.৩০ বজাত তেওঁলোকে ‘ব্লিছ’ নামৰ হোমষ্টেৰ এটা কোঠাত প্ৰৱেশ কৰে।

ৰাধাৰ স্বামীয়ে দাবী কৰিছে যে দুয়োৱে দেওবাৰে পুৱা ৩ বজালৈকে সুৰাপান কৰিছিল। ইয়াৰ পিছত পুৱা প্ৰায় ৩.৩০ বজাত শুই যায়। কিন্তু মঙলবাৰে পুৱা সাৰ পাই দেখে যে পত্নী উলংগ হৈ মজিয়াত পৰি আছে। তেওঁৰ নাকৰ পৰা তেজ ওলাই আছিল। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে পুৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে প্ৰস্ৰাৱৰ ওপৰত পৰি আছিল। আনহাতে, বিছনা চাদৰত তেজৰ দাগ পোৱা গৈছে। দুটা খালী সুৰাৰ বটলো উদ্ধাৰ হৈছে। আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাধাৰ বিয়া হৈছিল। স্বামী-স্ত্ৰী দুয়োৱেই অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা। এয়া এক হত্যাকাণ্ড নে আকস্মিক মৃত্যু তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।











