
NEET (UG) পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল (Question paper passed) বা পৰীক্ষাৰ বিষয়বস্তুৰ লগত কোনোধৰণৰ খেলিমেলিৰ চেষ্টা ৰোধ কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতত মেছেজিং প্লেটফৰ্ম ‘টেলিগ্ৰাম’ পৰিসেৱা (‘Telegram’ service) অহা ২২ জুনলৈ বন্ধ (Closed until June 22) কৰাৰ নিৰ্দেশ দিছে।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰামৰ্শ মতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এন টি এয়ে কয় যে এই নিষেধাজ্ঞা কেৱল পৰীক্ষাৰ সময়ছোৱা আৰু তাৰ পিছৰ সময়ছোৱাৰ বাবেহে প্ৰযোজ্য। এপটো বন্ধ কৰাৰ সন্দৰ্ভত এন টি এয়ে কয় যে এই প্লেটফৰ্ম ব্যৱহাৰ কৰা লাখ লাখ নাগৰিকৰ যি অসুবিধাৰ সৃষ্টি হ’ব তাৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰিছে।
টেলিগ্ৰামৰ ‘মেছেজ এডিটিঙ’ৰ সুবিধা ৩০ জুনলৈকে বন্ধ :
কেন্দ্ৰীয় চৰকাৰে টেলিগ্ৰামক ভাৰতত থকা ‘মেছেজ এডিটিং’ সুবিধাটো ৩০ জুনলৈকে নিষ্ক্ৰিয় কৰিবলৈও নিৰ্দেশ দিছে। এন টি এৰ মতে, এই সুবিধাৰ অপব্যৱহাৰ কৰি বিগত সময়ত “প্ৰশ্নপত্ৰ ফাদিল”ৰ ভুৱা প্ৰমাণ সৃষ্টি কৰা হৈছে। ইয়াৰ যোগেদি প্ৰশাসকসকলে পূৰ্বতে পোষ্ট কৰা বাৰ্তাসমূহ সম্পাদনা কৰিব পাৰিব আৰু সংলগ্ন ফাইলসমূহ সলনি কৰিব পাৰিব। আনহাতে, বাৰ্তাৰ প্ৰকৃত সময় বা টাইমষ্টেম্প অপৰিৱৰ্তিত হৈ থাকিব।
সংস্থাটোৱে কয়, “এই সুবিধাৰ জৰিয়তে চেনেল প্ৰশাসকে পূৰ্বে পোষ্ট কৰা বাৰ্তাৰ বিষয়বস্তু (যেনে পিডিএফৰ দৰে সংলগ্ন ফাইল) সলনি কৰিব পাৰে, আনহাতে বাৰ্তা প্ৰেৰণৰ প্ৰকৃত টাইমষ্টেম্প একেই থাকে।”

প্ৰৱঞ্চনাত টেলিগ্ৰামৰ ব্যৱহাৰ :
সংস্থাটোৱে জনোৱা মতে, ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীটৰ পুনৰ পৰীক্ষাত বহিবলগা প্ৰাৰ্থীক লক্ষ্য কৰি প্ৰৱঞ্চনাৰে টেলিগ্ৰামৰ সুপৰিকল্পিত ব্যৱহাৰৰ প্ৰেক্ষাপটত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এন টি এয়ে কয়, “জনস্বাৰ্থ আৰু শৃংখলা বজাই ৰখাৰ স্বাৰ্থত এই দুয়োটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। NEET (UG) পুনৰ পৰীক্ষাত বহিবলগা প্ৰাৰ্থীক প্ৰতাৰণা কৰিবলৈ প্ৰৱঞ্চকে এই প্লেটফৰ্মৰ সুপৰিকল্পিত ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”
সংস্থাটোৱে লগতে কয় যে ইতিমধ্যে প্ৰশ্নকাকত পোৱাৰ ভুৱা দাবী বিয়পাই দিয়া অসংখ্য চেনেল, গ্ৰুপ আৰু ব’ট কৰ্তৃপক্ষই আঁতৰাই পেলাইছে। কিন্তু যিহেতু প্ৰাৰম্ভিক বা মধ্যৱৰ্তী ব্যৱস্থাসমূহ যথেষ্ট ফলপ্ৰসূ নাছিল, সেয়েহে প্লেটফৰ্ম পৰ্যায়ত হস্তক্ষেপ কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল।
এন টি এৰ অভিযোগ যে “PAPER LEAKED NEET”, “Re-NEET 2026” আৰু “Private Mafia” আদি নামেৰে চলি থকা কেইবাটাও টেলিগ্ৰাম চেনেলে প্ৰাৰ্থীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত সৰবৰাহ কৰিব পাৰিব বুলি দাবী কৰিছে। সংস্থাটোৰ তথ্য অনুসৰি, এই চেনেলসমূহে পৰীক্ষাৰ নথি বা প্ৰশ্নকাকতৰ বিনিময়ত পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা কেইবাহাজাৰৰ পৰা কেইবা লাখ টকালৈকে ধনদাবী কৰিছিল। অস্থায়ী নিষেধাজ্ঞাই লাখ লাখ বৈধ ব্যৱহাৰকাৰীৰ অসুবিধাৰ সৃষ্টি কৰিব বুলি স্বীকাৰ কৰাৰ বিপৰীতে এন টি এয়ে কয় যে কেৱল দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
সংস্থাটোৱে কয়, “এন টি এয়ে স্বীকাৰ কৰিছে যে ‘মেইটি’ৰ দ্বাৰা জাৰি কৰা নিষেধাজ্ঞাই ব্যক্তিগত, শৈক্ষিক, পেছাদাৰী আৰু তথ্য সংগ্ৰহৰ দৰে বৈধ উদ্দেশ্যত টেলিগ্ৰাম প্লেটফৰ্ম ব্যৱহাৰ কৰা লাখ লাখ নাগৰিকক প্ৰভাৱিত কৰিছে। তেওঁলোকৰ বাবে হোৱা অসুবিধাৰ বাবে সংস্থাটোৱে আন্তৰিকতাৰে ক্ষমা বিচাৰিছে।”
NEET (UG) 2026 প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কৰ বাবে বৰ্তমান টেলিগ্ৰাম কৰ্তৃপক্ষৰ স্ক্যানাৰৰ অধীনত আছে। অভিযোগ উত্থাপন হৈছে যে পইচাৰ বিনিময়ত পৰীক্ষাৰ প্ৰশ্নকাকত বা অন্যান্য গোপনীয় নথি-পত্ৰ যোগান ধৰাৰ দাবীত কেইবাটাও চেনেল প্লেটফৰ্মত সক্ৰিয় হৈ থকাৰ ফলত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰে।
প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত পূৰ্বৰ পৰীক্ষা বাতিল হোৱাৰ পিছত ২১ জুনত NEET (UG) 2026 ৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা।










