
পশ্চিম এছিয়াৰ সংঘাতৰ বাবে (Iran US War) বন্ধ হৈ থকা হৰমুজ প্ৰণালীত বহু জাহাজ আবদ্ধ হৈ আছে। ইয়াৰে কমেও ১৩ খন ভাৰতৰ পতাকা থকা জাহাজ, যিবোৰ বিগত ১০৭ দিন ধৰি তাত আবদ্ধ হৈ আছে। সূত্ৰ অনুসৰি, তাত আছে ৫৬২ জন ভাৰতীয় নাৱিক।

ওমান বন্দৰত আবদ্ধ হৈ থকা মাউণ্ট চেলেষ্টিয়েল জাহাজত অসুস্থতাৰ বাবে ভাৰতীয় নাৱিক নিশান্ত উৰ্থনাথনৰ মৃত্যু হৈছে। শীঘ্ৰে নাৱিকজনৰ মৃতদেহ ঘূৰাই অনা হ’ব বুলি ওমানত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। আবদ্ধ জাহাজখনৰ নাৱিকসকলৰ পৰিয়ালে সাম্প্ৰতিক পৰিস্থিতিত শঙ্কাৰে দিন অতিবাহিত কৰিছে।
দেওবাৰে ওমানৰ মাস্কাটত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয়, “আমি নিশান্ত উৰ্থনাথনৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো। দুৰ্ভাগ্যজনকভাৱে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ মৃত্যু হয়। আমি জাহাজৰ বাকী ক্ৰু আৰু কৰ্তৃপক্ষৰ সৈতেও যোগাযোগত আছো।” ওমানত থকা ভাৰতীয় দূতাবাসেও নাৱিকজনৰ মৃতদেহ শীঘ্ৰে দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
মাউণ্ট চেলেষ্টিয়েল ওমানৰ ডুকম বন্দৰত অৱস্থিত। ২০ মে’ত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে এক বিবৃতি প্ৰকাশ কৰি মাউণ্ট চেলেষ্টিয়েল জব্দ কৰা বুলি দাবী কৰে। হৰমুজত আমেৰিকাৰ অৱৰোধ উলংঘা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছত জাহাজখন তালাচী চলাই মুকলি কৰি দিয়া হয়।
নাৱিকসকলক আন এটা পথলৈ যাবলৈও কোৱা হয়। উক্ত জাহাজখনতে এজন নাৱিকৰ মৃত্যু হৈছে।
২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰে। ইয়াৰ পিছত তেহৰানে হৰমুজক অৱৰোধ কৰে। যোৱা এপ্ৰিল মাহত আমেৰিকাই হৰমুজক ওলোটাই অৱৰোধ কৰে।
দুয়োপক্ষৰ অৱৰোধৰ বাবে তাৰ মাজেৰে জাহাজ চলোৱাটো বিপদাপন্ন হৈ পৰে। বিশেষকৈ তেল টেংকাৰ আবদ্ধ হৈ পৰে। ফলত বিশ্ব বজাৰত বৃদ্ধি পায় তেলৰ দাম। যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা হৰমুজত আবদ্ধ হৈ আছে ভাৰতীয় পতাকাৰ তেৰখন জাহাজ। তাত আবদ্ধ হৈ আছে ৫৬২ গৰাকী ভাৰতীয় নাৱিক।
কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, হৰমুজৰ পশ্চিমে আবদ্ধ হৈ আছে ৩২৯ গৰাকী ভাৰতীয় নাৱিক। ২৩৩ জন প্ৰণালীটোৰ পূবে ওমান উপসাগৰত আবদ্ধ হৈ আছে। জাহাজসমূহৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটিছে। নাৱিকসকল আতংকিত হৈ পৰিছে। তেওঁলোকৰ পৰিয়ালবোৰো চিন্তিত।
ইয়াৰে ১৪ জন ভাৰতীয় নাৱিকক ওমান উপকূলত ডুব যোৱা এখন জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছে। যোৱা সপ্তাহত হৰমুজৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে আমেৰিকাৰ সেনাই তিনিখন জাহাজ আক্ৰমণ কৰে। তাত তিনিজন ভাৰতীয় নাৱিকে প্ৰাণ হেৰুৱায়।











