
ড’নাল্ড ট্ৰাম্পে তেহৰাণৰ সৈতে শান্তি চুক্তি কৰিবলৈ হাহাকাৰ কৰিছিল বুলি দাবী কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীয়ে (US Iran Peace Deal)। বুধবাৰে দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে তেওঁ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

দেশবাসীক দিয়া লিখিত বিবৃতিত মোজতাবাই কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চুক্তিত উপনীত হ’বলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।
মোজতাবাৰ বিবৃতিত কোৱা হৈছে, “ভাৰপ্ৰাপ্ত বিষয়াসকলে সদিচ্ছা আৰু উপযুক্ত চিন্তাৰ বাবেই এই উদ্যোগ লৈছে (দুয়োখন দেশৰ মাজত চুক্তিত উপনীত হ’বলৈ)। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হতাশজনক প্ৰচেষ্টাৰে চুক্তিত উপনীত হোৱাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।” এই মন্তব্য মোজতাবাই ট্ৰাম্পক উপহাস কৰিবলৈ ব্যৱহাৰ কৰিছিল নেকি সেই লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। মোজতাবাই স্পষ্টকৈ কয় যে তেওঁ প্ৰথমতে চুক্তিখনৰ পক্ষত নাছিল।
আয়াতুল্লা আলী খামেইনীৰ পুত্ৰই কয়, “মই মতাদৰ্শগত ভিত্তিত এই চুক্তিৰ বিৰোধিতা কৰিছিলো।” কিন্তু পিছত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ইৰাণৰ নিৰাপত্তা পৰিষদৰ সিদ্ধান্তৰ পিছত তেওঁৰ মন সলনি হয়। পেজেস্কিয়ানে মোজতাবাৰ অনুমতি সাপেক্ষে ডিজিটেলভাৱে শান্তি চুক্তিত স্বাক্ষৰ কৰে।
মোজতাবাই এই মনৰ পৰিৱৰ্তনৰ কাৰণো বুজাই দিয়ে। দেশৰ স্বাৰ্থ ৰক্ষা আৰু ইৰাণৰ মিত্ৰ দেশসমূহৰ নিৰাপত্তা সম্পৰ্কে প্ৰয়োজনীয় আশ্বাস লাভ কৰি চুক্তি স্বাক্ষৰ কৰাৰ বাবে সেউজ সংকেত দিয়া বুলিও তেওঁ কয়। খামেইনীৰ বিবৃতিত লগতে কয় যে আমেৰিকাই ইৰাণৰ ওপৰত আৰোপ কৰা কোনো কঠোৰ চৰ্ত তেহৰানে ভৱিষ্যতে মানি নলয়।
তাৎপৰ্যপূৰ্ণভাৱে ইৰাণৰ ৰাষ্ট্ৰপতি বা তেওঁৰ সচিবালয়েও মোজতাবাৰ এই বক্তব্যৰ ওপৰত কোনো মন্তব্য কৰা নাই। অৱশ্যে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে দেশখনৰ সৰ্বোচ্চ নেতাৰ এই বক্তব্যক আদৰণি জনায়। তেওঁ কয় যে দেশৰ স্বাৰ্থ সুৰক্ষিত ৰাখি ইৰাণৰ বুজাবুজি কৰাৰ ক্ষমতা আছে।












