
বাংলাদেশৰ চৰকাৰ সলনি হোৱাৰ পিছত দেশখনৰ জেহাদী সংগঠনৰ সৈতে জড়িত মুঠ ২৩ জন লোকক এতিয়ালৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বুধবাৰে এই মন্তব্য কৰে।

তেওঁ কয় যে ‘অপাৰেচন প্ৰঘাত’ অভিযান চলোৱাৰ উপৰি অসম আৰক্ষীৰ এছ টি এফে এন আই এ আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সৈতে মিলি জেহাদী-দমন অভিযান চলাইছে।
মুখ্যমন্ত্রীয়ে কয় যে ঢাকাত চৰকাৰ পৰিৱর্তনৰ পাছত জেহাদীৰ ওপৰত অসম চৰকাৰ আৰু আৰক্ষী সতর্ক হৈ আছে৷ যাৰ বাবে অসম, বংগ, কেৰালাৰ পৰা জেহাদী ধৰা পৰিছে। অসমত উদ্ধাৰ হৈছে জেহাদীৰ অস্ত্ৰ ভাণ্ডাৰ।
তদুপৰি বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত হিন্দুসকল নিপীড়িত হ’লেও হিন্দুসকলে দেশৰ পৰা একেবাৰে পলায়ন কৰা নাই, বৰঞ্চ তেওঁলোকে যথেষ্ট সংযম আৰু পৰিপক্কতা দেখুৱাইছে বুলি দাবী কৰে। কিছুমানে পলায়ন কৰি কেইবাদশক আগতে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। কিন্তু যিসকল আছে তেওঁলোকে এতিয়া বাংলাদেশক নিজৰ দেশ বুলি সন্মান কৰে আৰু ভালপায়।
মুখ্যমন্ত্ৰীয়ে তথ্য দি কয়, “বৰ্তমানৰ পৰিস্থিতিত বাংলাদেশৰ পৰা মুছলমানৰ অনুপ্ৰৱেশ বাঢ়িছে। ইয়াৰ মূল কাৰণ হ’ল দেশখনৰ বস্ত্ৰ উদ্যোগৰ পতন। উপাৰ্জনৰ আশাত অহা গড়ে ২০ৰ পৰা ৩০জন অনুপ্ৰৱেশকাৰী অসম আৰু ত্ৰিপুৰাত প্ৰতিদিনে ধৰা পৰে।
যোৱা ৫ মাহত হাজাৰ হাজাৰ মুছলমান অনুপ্ৰৱেশকাৰী ধৰা পৰিছে যদিও এজনো হিন্দু ধৰা পৰা নাই। জটিলতাৰ পৰা হাত সাৰিবলৈ সীমান্তত আবদ্ধসকলক গ্ৰেপ্তাৰ নকৰাকৈ আমি বাংলাদেশলৈ উভতাই পঠাইছো।”
মুখ্যমন্ত্ৰীয়ে কয়, “তদন্তত প্ৰকাশ পাইছে যে ভাৰতৰ একাংশ কাপোৰৰ কাৰখানাই অনুপ্ৰৱেশক সমৰ্থন কৰি বাংলাদেশৰ পৰা সস্তীয়া শ্ৰমিক লাভৰ বাবে ধন ঢালিছে।
কেন্দ্রীয় গৃহমন্ত্রীক বিষয়টো প্রমাণ কৰি উত্তৰ-পূর্বাঞ্চল পৰিষদৰ বৈঠকতো উত্থাপন কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্য আৰু পশ্চিমবংগৰ সৈতেও ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁলোকক সহায় কৰা সেই সকলোবোৰ কাৰখানাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰক অনুৰোধ জনোৱা হৈছে।”













