ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Minority harassment in Bangladesh I বাংলাদেশত সংখ্যালঘু নেতাক গ্ৰেপ্তাৰক লৈ বিতৰ্ক, তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 27, 2024
Reading Time: 1 min read
A A
0
Minority harassment in Bangladesh I বাংলাদেশত সংখ্যালঘু নেতাক গ্ৰেপ্তাৰক লৈ বিতৰ্ক, তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰৰ

Oplus_131072

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

New Logo Smal 5 | ASSAM TIMES POST

বাংলাদেশৰ (Bangladesh) সম্মিলিত সনাতন জাগৰণ জোটৰ মুখপাত্ৰ আৰু ইস্কনৰ পুণ্ডাৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণ প্ৰভুক গ্ৰেপ্তাৰ কৰা বিষয়ত নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰে।

Minority harassment in Bangladesh I
বাংলাদেশত সংখ্যালঘু নেতাক গ্ৰেপ্তাৰক লৈ বিতৰ্ক, তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰৰ:

মঙলবাৰে এক বিবৃতিযোগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ পৰিপ্ৰেক্ষিতত হিন্দু সন্ন্যাসী চিন্ময়ক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ অভিযোগ যথেষ্ট উদ্বেগজনক।”

বিবৃতিতোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “আমি বাংলাদেশ চৰকাৰক দেশখনৰ সকলো সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো। একে সময়তে, তেওঁলোকৰ শান্তিপূৰ্ণ প্ৰতিবাদ আৰু মত প্ৰকাশৰ অধিকাৰো সুৰক্ষিত কৰিব লাগে।”

উল্লেখযোগ্য যে চিন্ময় কৃষ্ণক সোমবাৰে ঢাকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। চট্টগ্ৰাম মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতে ৰাজদ্ৰোহৰ অভিযোগত তেওঁৰ জামিন নাকচ কৰে।

তেওঁ বৰ্তমান ন্যায়িক জিম্মাত আছে। এইটো লক্ষণীয় যে বাংলাদেশ আৰক্ষীয়ে তেওঁৰ জিম্মাৰ বাবে আবেদন কৰা নাই। অৱশ্যে আদালতে নিৰ্দেশ দিয়ে যে বন্দী অৱস্থাত চিন্ময়ৰ সকলো ধৰ্মীয় অধিকাৰ সুৰক্ষিত ৰাখিব লাগিব।

হাছিনা চৰকাৰৰ পতনৰ পিছত কেইবাটাও ধৰ্মীয় সংগঠনে সমগ্ৰ দেশৰ অস্থিৰতাৰ পৰিৱেশত সনাতনী জাগৰণ মঞ্চ গঠন কৰে। চিন্ময় মঞ্চৰ মুখপাত্ৰ হিচাপে নিৰ্বাচিত হৈছিল।

তেওঁৰ আহ্বানত হাজাৰ হাজাৰ সংখ্যালঘু লোকে বাংলাদেশৰ বিভিন্ন অঞ্চল, শ্বহীদ মিনাৰ, চিটাগং আদিত সমদলত অংশগ্ৰহণ কৰিছিল। চিটাগঙত সমদলৰ পিছত এজন স্থানীয় বি এন পি নেতাই তেওঁৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰে। গোচৰটোৰ সন্দৰ্ভত সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

৫ আগষ্টত তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বহিষ্কাৰ কৰাৰ পিছৰে পৰা সমগ্ৰ বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তত বহুতো ঘৰ জ্বলাই দিয়া হৈছিল। ধৰ্মীয় অনুষ্ঠানসমূহো ধ্বংস কৰা হৈছিল।

ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ শাসনলৈ অহাৰ পিছত পৰিস্থিতি বিশেষ সলনি হোৱা নাই বুলি অভিযোগ। অৱশ্যে, অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাৰে বাৰে আশ্বাস দিছে যে তেওঁলোকে সংখ্যালঘুসকলৰ সুৰক্ষা আৰু ধৰ্মীয় অধিকাৰ নিশ্চিত কৰিব।

তেওঁ দেশবাসীক সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ এটা বাৰ্তাও দিয়ে। অৱশ্যে ইউনুছৰ চৰকাৰে ধৰ্মীয় উগ্ৰপন্থী আৰু সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ কিমান নিয়ন্ত্ৰণ কৰিব পাৰে তাক লৈ বহুতো মহলত সন্দেহ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰৰনেতাক গ্ৰেপ্তাৰক লৈ বিতৰ্কবাংলাদেশত সংখ্যালঘু
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
53
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d