
ডিলাই আৰক্ষীৰ পৰা প্ৰাপ্ত এক খবৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ৭ বাজি ৫০ মিনিটত ডিলাই তিনি আলিত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বৃহৎ পৰিমানৰ সন্দেহ়ুক্ত যাবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

AS 01 AR 9682 নম্বৰৰ আইটেন বাহনত তালাচী চলাওঁতে বাহনখনৰ গোপন চেম্বাৰত লুকুৱাই অনা ২৫ বাণ্ডিল সন্দেহযুক্ত যাবা টেবলেট উদ্ধাৰ হয় ৷ ২৫ বাণ্ডিলত থকা ৫০ হাজাৰ যাবা টেবলেটৰ ওজন আছিল ৫ কেজি ৩০২ গ্ৰাম ৷ উদ্ধাৰ হোৱা যাবা টেবলেট খিনিৰ মূল্য প্ৰায় ১০ কোটি টকা হব বুলি অনুমান কৰা হৈছে ৷
যাবা টেবলেট খিনি সৰবৰাহৰ লগত জড়িত মণিপুৰৰ কাচিং জিলাৰ মহম্মদ ওৱাৰিছ আৰু থাউবাল জিলাৰ মহম্মদ ওৱাৰিছৰ পত্নী ছাহিনাজক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে টেবলেটখিনি জব্দ কৰি সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













