
সকলো ঠিকে থাকিল অহা ৯ জুন, দেওবাৰে (Sunday, June 9) তৃতীয়বাৰৰ বাবে (For the third time) প্ৰধানমন্ত্ৰী হিচাপে শপত (Sworn in as Prime Minister) গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে। সূত্ৰত এই কথা প্ৰাকশ। ইয়াৰ পূৰ্বে শুনা গৈছিল যে শনিবাৰে মোডী মন্ত্ৰীসভাই শপত ল’বলৈ ওলাইছে। অৱশ্যে এতিয়া দেওবাৰে সন্ধিয়া মোডীয়ে শপত গ্ৰহণ কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য, মঙলবাৰে ঘোষণা হয় ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। আনহাতে, বুধবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে মোডীয়ে। তেওঁৰ পদত্যাগ-পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত অৰ্পণ কৰে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নোহোৱালৈকে এই পদৰ দায়িত্ব চম্ভালিবলৈ মোডীক অনুৰোধ জনায়।
ইফালে অহা দেওবাৰে তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে বুলি খবৰ ওলাইছিল। তাৰ আগদিনা শপত লোৱাৰ কথা আছিল মোডীয়ে। কিন্তু এতিয়া সূত্ৰই জনাইছে যে দেওবাৰে মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। খবৰ অনুসৰি, পৰিৱৰ্তিত পৰিস্থিতিত চন্দ্ৰবাবুৱে ১২ জুনত শপত গ্ৰহণ কৰিব পাৰে। বিজেপিৰ সূত্ৰ অনুসৰি, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুখ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে।










