ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাবি আংলং-পশ্চিম কাৰ্বি আংলং জিলাৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা অব্যাহত

এএছডিচি-কার্বি ছাত্র সন্থাৰ সৈতে পৰিষদৰ মুখ্য কার্যবাহী সদস্যৰ আলোচনা আন্দোলন পৰিহাৰ কৰি শান্তি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ASSAM TIMES POST by ASSAM TIMES POST
February 19, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

New Logo Smal 3 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ: ডিফু

যোৱা ১৫ ফেব্রুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত আন্দোলনৰত এটা ছাত্র সংগঠনৰ ওপৰত হিন্দীভাষী লোকৰ আক্রমণক কেন্দ্র কৰি উদ্ভব হৈ থকা অশান্ত পৰিস্থিতি নিয়ন্ত্রণাধীন হৈ আছে যদিও দুয়োখন পার্বত্য জিলাত আজিও অব্যাহত আছে চেপা উত্তেজনা। বিজেপিৰ ৰাষ্ট্রীয় কার্যকৰী সভাত উপস্থিত থকাৰ বাবে নতুন দিল্লীত থকা পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙ আজি জিলাখনলৈ উভতি আহি পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আন্দোলন কৰি অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি, ভাতৃ সংগঠন কাবি ছাত্র সন্থা, কেএনচিএ আদিব সৈতে পৰিষদৰ সভাকক্ষত এক আলোচনাত মিলিত হয়।

এএছডিচি-কার্বি ছাত্র সন্থাৰ সৈতে পৰিষদৰ মুখ্য কার্যবাহী সদস্যৰ আলোচনা আন্দোলন পৰিহাৰ কৰি শান্তি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান তুলিৰাম ৰংহাঙৰ
এএছডিচি-কার্বি ছাত্র সন্থাৰ সৈতে পৰিষদৰ মুখ্য কার্যবাহী সদস্যৰ আলোচনা আন্দোলন পৰিহাৰ কৰি শান্তি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ আহ্বান তুলিৰাম ৰংহাঙৰ

আলেচনাৰ অন্তত এএছডিচি দলৰ সভাপতি চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত আজিৰ এই আলোচনা সফল আখ্যা দি পৰিষদৰ ওচৰত পাঁচাটা দাবী উত্থাপন কৰাৰ বিষয়টো প্রকাশ কৰে। চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত কয় যে, এই ঘটনাৰ আলম লৈ কোনো প্ৰকাৰৰ অপ্রীতিকৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে আমি প্রায় প্রতিদিনে সংবাদমেল সম্বোধন কৰিছিলো আৰু জনতাক শান্তি শৃংখলা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছিলো। আজি পৰিষদৰ আহ্বানত আমালৈ প্রদান কৰা আলোচনাৰ নিমন্ত্রণ গ্রহণ কৰি আমি আলেচনাত বহিছো।

f4c9460a fc63 4ca4 ba5c d76116d4f285 1 | ASSAM TIMES POSTআলোচনাত আমি লিখিতভাবে আমি পাঁচটা দাবী উত্থাপন কৰিছো। প্রথম দাবী অনুসৰি পিজিআাৰ-ভিজিআৰ ভূমিত ৩০ দিনৰ ভিতৰত উচ্ছেদ অভিযান চলাব লাগিব। এই অভিযানৰ পৰা পাহাৰীয়া জনজাতিসকলক ৰেহাই দিব লাগিব। কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙত অনুপ্রবেশ কৰা সকলো বহিঃৰাগত নাগৰিক উচ্ছেদ কৰা। কাৰণ, অবৈধ অনুপ্রৱেশকাৰীৰ ফলত আমাৰ ভাৰসম্য হেৰাইছে আৰু যাৰ ফলত এনেধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হ’ব লগা হৈছে।

অবৈধ অনুপ্রৱেশৰ ফলত খিলঞ্জীয়াৰ প্রতি ভাবুকি আহি পৰাৰ লগতে ভাষা-সংস্কৃতিৰ প্রতিও সংকট আহিছে বুলিও দলটোৱে দাবী কৰে। ৪ নং দাবী অনুসৰি গ্রেজিং ভূমিত স্থাপিত ভোট গ্রহণ কেন্দ্রসমূহ উঠাই দিয়াৰ দাবী উত্থাপন কৰে দলটোৱে। ৫ নং দাবী অনুসৰি সকলো অবৈধ অনুপ্রৱেশকাৰীৰ নাম লোকসভা-বিধানসভা আৰু আন সাংবিধানিক নির্বাচনী প্রক্ৰিয়াৰ পৰা কর্তন কৰাৰ দাবী উত্থাপন কৰে দলটোৱে।

এই দাবী সন্দর্ভত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰ্কীয়ে ১০০ শতাংশ সহমত প্রকাশ কৰি কালিৰে পৰা উচ্ছেদ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি আশ্বাস প্রদান কৰা বুলিও তেৰাঙে সংবাদমাধ্যমৰ আগত প্রকাশ কৰে। আজিৰ এই আলোচনা সফল বুলিও তেৰাঙে দাবী কৰে। আনহাতে মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজিৰ আলোচনা সন্দর্ভত মন্তব্য কৰি কয় যে, পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰা সকলক উচ্ছেদ কৰাৰ দাবীত এএছডিচি, কেএছএ আৰু ভাতৃ সংগঠনে যি আন্দোলন চলাইছিল এই সন্দর্ভত আমি আজি আলোচনাত মিলিত হও।

আমাৰ কেইটামান ৰাজহচক্রৰ অধীনৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ দখল হৈছে আৰু এই সন্দর্ভত আমি কালিলৈ জিলাখনৰ সকলো ৰাজনৈতিক দল, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন মন্ত্রী, প্রাক্তন সাংসদ, জিলাখনৰ সকলো জাতীয় সংগঠনৰ সৈতে পুৱা ১০ বজাত পুনৰ এক আলোচনাত মিলিত হ’ম। এই আলোচনাৰ পাছতেই পৰিষদৰ পদক্ষেপ ঘোষণা কৰা হ’ব বুলিও ৰংহাঙে সদৰি কৰে। আনহাতে ১৫ ফেব্রুৱাৰীৰ ঘটনাত আহত হোৱা ছাত্র নেতাসকললৈ এক লাখ টকাকে প্রদান কৰা কথাও ৰংহাঙে ঘোষণা কৰে।

আনহাতে, মাৰপিটৰ ঘটনাত জড়িতসকলক গ্রেপ্তাৰৰ বাবে তেওঁ আযুক্ত আৰু আৰক্ষী অধীক্ষকক উক্ত দিনাই নির্দেশ দিয়াৰ কথা সদৰি কৰি ইতিমধ্যে দুস্কৃতিকাৰীসকলক গ্রেপ্তাৰ কৰা কথাও জানিবলে দিয়ে। দুয়োখন পার্বত্য জিলাত চলি থকা উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত মুখ্য কার্যবাহী সদস্যগৰাকীয়ে কয় যে- হিংসা, আন্দোলনেৰে কোনো দাবী সমাধা নহয়, আলোচনাৰ মাধ্যমেৰেহে যিকোনো সমস্যা সমাধান কৰাটো সম্ভৱ।

সেয়ে মই কালিলৈ সকলো দল-সংগঠনক আলোচনাৰ মেজলৈ আমন্ত্রণ জনাইছো। দুয়োখন পার্বত্য জিলাত স্থায়ী শান্তি স্থাপনৰ আহ্বান মই সদায়ে কৰি আহিছো বুলি উল্লেখ কৰি ৰংহাঙে স্থায়ী শান্তি থাকিলেহে বিভিন্ন ধকাৰ উন্নয়নমূলক কাম-কাজ সম্ভৱ বুলি প্রকাশ কৰে। আনহাতে, বর্তমান হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি সকলো ধৰণৰ ধৰ্ণা-পিকেটিং প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কালিৰ আলোচনাত কি সিদ্ধান্ত হয় তাৰ ওপৰত দুয়োখন পার্বত্য জিলাৰ পৰিস্থিতি নির্ভৰ কৰিব বুলিও এতিয়া সমগ্র জিলাত ব্যাপক চর্চা চলা পৰিলক্ষিত হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অনুপ্রবেশ নিরোধঅশান্ত পৰিস্থিতিআন্দোলনআলোচনাআলোচনা মাধ্যমউত্তেজনাউন্নয়নমূলক কাম-কাজএএছডিচিকাবি ছাত্র সন্থাকেএনচিএখিলঞ্জীয়া সুরক্ষাখেৰণিগ্রেজিং ভূমিচন্দ্রকান্ত তেৰাঙছাত্র সংগঠনজিলা পরিস্থিতি.তুলিৰাম ৰংহাঙদাবী উত্থাপনধৰ্ণা-পিকেটিং প্রত্যাহাৰনির্বাচনী প্রক্রিয়াপশ্চিম কার্বি আংলংপার্বত্য জিলাপিজিআৰপৰীক্ষা অনুষ্ঠানভাষা-সংস্কৃতি সংকটভিজিআৰভূমি উচ্ছেদশান্তি শৃংখলাশান্তি স্থাপনসংবাদমাধ্যমহিংসা নিরোধহিন্দীভাষী আক্রমণ
Share8Tweet5Send

Related Posts

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
57
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
ADVERTISEMENT
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d