ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dr. Himanta Biswa Sarma I বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 16, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST
সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা (BJP’s organisational agility) অব্যাহত ৰখাৰ সময়তে আজি কাৰ্বি আংলং  জিলাৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰে মত-বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma)।

আজি ডিফুৰ সমীপৰ চুতীয়ানলাত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত প্ৰায় কুৰি মিনিট সময় ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে  মূলতঃ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ শাসনত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। বিশেষকৈ বিজেপিৰ ৯ বছৰীয়া শাসনত সমগ্ৰ উত্তৰ-পূব ভাৰততে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হোৱা বুলি মন্তব্য কৰি বিজেপিৰ আমোলত আকাশী ভ্ৰমণৰ সুবিধাৰ বাবে উত্তৰ-পূৱত কেইবাটাও বিমানবন্দৰ নিৰ্মাণৰ উদ্যোগ লোৱা বুলি কয়।

বিজেপি
বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : মুখ্যমন্ত্ৰী

অসমৰ বাট-পথৰ প্ৰভূত উন্নয়ন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া চলি থকা বুলি সভাত অৱগত কৰে। অসমত সম্প্ৰতি ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা লোৱা বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও অসমৰ বিভিন্ন আত্ম সহায়ক গোটত জড়িত হৈ থকা ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীকে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে দহ হজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰে। লগতে, এই প্ৰচেষ্টাৰে সফলতা লাভ‌ কৰিলে পৰৱৰ্তী সময়ত বেংকসমূহে এইসকল মহিলাৰ ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ প্ৰদান কৰাৰ লগতে উক্ত ঋণসমূহৰ সমুদায় সুত ৰাজ্য চৰকাৰে আদায় দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

bjp2 1 | ASSAM TIMES POST

আনহাতে, অসমৰ এক লাখ নিবনুৱা যুৱকক দুই লাখ টকাকৈ ঋণ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সকলো আঁচনি ৰূপায়ণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাৰ অৰ্থনৈতিক বৰঙণি আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়। সূৰ্যৰ অবিহনে চন্দ্ৰই পোহৰ বিলাব নোৱাৰে বুলি মন্তব্য কৰি সেইদৰে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ অবিহনে অসমৰ উন্নয়ন সম্ভৱপৰ নহয় বুলি মত প্ৰকাশ কৰি পৰৱৰ্তী কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়।

সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ তৎপৰতাৰ বাবে পাহাৰীয়া এলেকাটোৰ ছয়টাকৈ বিদ্ৰোহী সংগঠনে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ লোৱাৰ ফলত এলেকাটোত স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে।

bjpp1 1 | ASSAM TIMES POST

আজিৰ সভাত অন্য দলৰ পৰা আহি বিজেপি দলত যোগদান কৰা ভালেসংখ্যক লোকক মুখ্যমন্ত্ৰীয়ে দলৰ মজিয়ালৈ আদৰণি জনায়। সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এছ আই ইউ নথকাৰ বাবে কাৰ্বি আংলঙৰ টেট শিক্ষকে ন মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়ে আজিহে অৱগত হোৱা বুলি মত প্ৰকাশ কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে দলৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিকগৰাকীৰ কুশল বাৰ্তা লোৱাৰ লগতে বাৰ্তালাপত মিলিত হয়। আজিৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CMDiphuHimanta Biswa Sarmaডিফুমুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মা
Share7Tweet4Send

Related Posts

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
50
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
50
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
50
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
50
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d