![]()
ইণ্ডিগো বিমানত (Indigo airlines)পুনৰ হাৰাশাস্তি যাত্ৰীৰ। ২ জন যাত্ৰীয়ে পুনৰ মদ্যপান কৰি অশান্তিৰ সৃষ্টি কৰিলে। মুম্বাই আৰক্ষীয়ে (Mumbai Police)সহযাত্ৰীৰ লগতে বিমান পৰিচাৰিকাক হাৰাশাস্তি কৰাৰ অভিযোগত ২ জন যাত্ৰীক গ্ৰেপ্তাৰ কৰে।বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা ডুবাইৰ পৰা মুম্বাইলৈ যোৱা ইণ্ডিগো বিমানত। সূত্ৰৰ পৰা জানিব পৰা মতে, যাত্ৰী দুগৰাকী কৰ্মসূত্ৰে ডুবাইত আছিল।

এবছৰৰ পাছত ঘৰলৈ উভতি আহিছিল। তাকে উদযাপন কৰিবলৈ তেওঁলোকে সুৰাপান কৰে। এজনে বিমানত বহি মদ খায়। বিমান পৰিচাৰিকাসকলে বটলবোৰ নিবলৈ যাওঁতে তেওঁলোকৰ লগত বেয়া আচৰণ কৰে। মদ্যপান কৰি তেওঁ সহযাত্ৰীক বেয়া ব্যৱহাৰ কৰিছিল।
বিমানখন মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। যাত্ৰী দুজনৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
চলিত বৰ্ষৰ এই পৰ্যন্ত ইণ্ডিগোৰ বিমানত যাত্ৰীসকলে ৭বাৰ এনে কষ্টৰ সন্মুখীন হʼবলগীয়া হৈছে। কেতিয়াবা মদ্যপানত, কেতিয়াবা বিমানত যাত্ৰীয়ে ধূমপান কৰাক কেন্দ্ৰ কৰি মাজ আকাশত হুলস্থুলৰ সৃষ্টি হয়।










