![]()
দেওবাৰে মাজনিশা মুম্বাইৰ পৰা ৰাজস্থান (Mumbai to Rajathan) অভিমুখে গৈ থকা অৱস্থাত এক ৰে’ল দুৰ্ঘটনা (Rail Accident) সংঘটিত হয়। দেওবাৰে মাজনিশা ৰে’লপথৰ পৰা ওলাই যায় সূৰ্যনগৰী এক্সপ্ৰেছ (Suryanagari Express) ৰে’লখন। এই ঘটনাত ১০ জন যাত্ৰী আহত (10 Passengers injured) হয়। ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ পালি অঞ্চলৰ ৰাজকী আবাসত।

দেওবাৰে মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছৰ পৰা যোধপুৰ অভিমুখে ৰাওনা হয় সূৰ্যনগৰী এক্সপ্ৰেছ ৰে’লখন। দেওবাৰে নিশা প্ৰায় ৩.২৭ বজাত ৰাজস্থানৰ পালিত উপস্থিত হোৱা ৰে’লখনত বিপদৰ সন্মুখীন হʼবলগীয়া হয় যাত্ৰীসকল।
ৰে’ল বিভাগৰ বিষয়াসকলে জনোৱা মতে, যোধপুৰ সংমণ্ডলৰ ৰাজকি আবাস আৰু বোমাদ্ৰা অঞ্চলৰ মাজত ৰে’লখনৰ শেষৰ ৮টা ডবা ৰে’লপথৰ পৰা ওলাই যায়। উত্তৰ পশ্চিম ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে জয়পুৰ মুখ্য কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা সমগ্ৰ বিষয়টো চোৱাচিতা কৰে আৰু পিছত উক্ত স্থানত উপস্থিত হয়।

এই দুৰ্ঘটনাত ১০ জন যাত্ৰী সামান্যভাৱে আহত হয়। প্ৰাথমিক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰে’ল সেৱাও দুৰ্যোগৰ সন্মুখীন হৈছে। উক্ত ৰে’লৱেৰ সকলো ৰে’ল নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ গন্তব্যস্থান পায়গৈ।এএনআইক দিয়া এক সাক্ষাৎকাৰত সূৰ্যনগৰী এক্সপ্ৰেছৰ এগৰাকী যাত্ৰীয়ে কয় যে মাৰোৱাৰ জংচনৰ পৰা ৰে’লখন এৰাৰ পিছতে এটা অদ্ভুত শব্দ আৰম্ভ হয়।
শব্দ আৰম্ভ হোৱাৰ দুই-তিনি মিনিটৰ পাছত হঠাৎ ৰে’লখন ৰৈ যায়।যাত্ৰীজনৰ মন্তব্য, “মই বুজিব পৰা নাছিলো যে ৰে’লখন কিয় মাজ ৰাস্তাত ৰৈ গ’ল। পৰিস্থিতি বুজিবলৈ আমি ৰে’লৰ পৰা নামিলোঁ। ইয়াৰ পিছত দেখিলো ট্ৰেইনখনৰ পিছফালে থকা ৮টা ডবা ৰে’লপথৰ পৰা ওলাই গৈছে।”











