ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতত চকু চিকিৎসাৰ অত্যাধুনিক ভিজন চেণ্টাৰ মুকলিঃ

অজন্তা তালুকদাৰ, বোকাখাতঃ

Staff Reporter by Staff Reporter
January 1, 2023
Reading Time: 1 min read
A A
0
বোকাখাতত চকু চিকিৎসাৰ অত্যাধুনিক ভিজন চেণ্টাৰ মুকলিঃ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST
যোৰহাট Jorhat ত থকা অসমৰ আগশাৰীৰ চকু চিকিৎসালয় চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ উদ্যোগত আজি বোকাখাত Bokakhat ত চিকিৎসালয়খনৰ অষ্টমটো ভিজন চেন্টাৰ মুকলি কৰা হয় ৷ বোকাখাত নগৰৰ ষ্টেট বেংক অৱ ইণ্ডিয়া State Bank of India ৰ সন্মুখত আজি চিকিৎসালয়খনৰ বোকাখাত চেন্টাৰ মুকলি কৰা হয় ৷

RELATED POSTS

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

ভিজন চেণ্টাৰ
বোকাখাতত চকু চিকিৎসাৰ বাবে অত্যাধুনিক ভিজন চেণ্টাৰৰ মুকলি

এই উপলক্ষে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত আয়োজিত উদ্বোধনী অনুষ্ঠানত গোলাঘাটৰ জেষ্ঠ নাগৰিক প্ৰখ্যাত দুৱৰাই ফিটা কাটি বোকাখাতৰ ভিজন চেন্টাৰ Bokakhat Vision Center মুকলি কৰে ৷

অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, বিশিষ্ট ব্যৱসায়ী নিৰ্মল আগ্ৰৱালা, অপাৰেচন আইচাইট ইউনিভাৰচিয়েল প্ৰৱন্ধক তপোব্ৰত ভুঞা , ড° বাবুলাল মোৰ, সাহিত্যিক নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, আনিচুৰ ৰহমান আৰু মনোৰঞ্জন সেন আদি বিশিষ্ট লোক সকল উপস্থিত হয় ৷

অনুষ্ঠানত চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ মুখ্য স্বত্বাধিকাৰ ডাঃ নাৰায়ন বৰদলৈয়ে বোকাখাত ভিছন চেণ্টাৰৰ লগতে চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰে ৷ বোকাখাত ভিজন চেণ্টাৰটো ” কগনিজেণ্ট ফাউণ্ডেচন‘ নামৰ আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংগঠনৰ আৰ্থিক সাহায্যত অপাৰেচন আই চাইট ইউনিভাৰ্ছেলৰ যোগেদি স্থাপন কৰা হৈছে বুলিও তেওঁ লগতে জনায় । বোকাখাতৰ কেন্দ্ৰত ভিজন টেকনিচিয়ান আৰু অপ্ৰমেট্ৰিষ্টে চকু পৰীক্ষা কৰাৰ উপৰিও প্রতিজন ৰোগীক টেলিমেডিচিন সেৱাৰ যোগেদি চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ চকুৰোগ বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰিহে ঔষধ বা চশমা দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । ডাঃ নাৰায়ন বৰদলৈৰ মতে বোকাখাতৰ কেন্দ্ৰত জটিল ৰোগী সকলক দুবাৰকৈ চন্দ্ৰপ্ৰভা আই হস্পিটেলত চকুৰোগ বিশেষজ্ঞই আহি পৰীক্ষা কৰিব বুলিও অৱগত কৰে ৷ বোকাখাতৰ ভিজন চেন্টাৰ উদ্বোধন কৰি প্ৰখ্যাত দুৱৰাই বোকাখাতত ভিচন চেন্টাৰ স্থাপন কৰাৰ বাবে চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে বোকাখাত ভিজন চেণ্টাৰৰ বাবে ইতিমধ্যেই চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ উদ্যোগত বোকাখাতৰ দুগৰাকী মহিলাক কমিউনিটি হেল্থ ৱৰ্কাৰ প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে । এই হেল্ড ৱৰ্কাক সকলে তেওঁলোকে ভিছন চেন্টাৰৰ ভিতৰুৱা অঞ্চলত কাম কৰি চকুৰ অসুখত ভোগা ৰোগীসকলক চিনাক্ত কৰি ভিজন চেণ্টাৰলৈ পঠিয়াব । ভিজন চেণ্টাৰত চিনাক্ত হোৱা দুখীয়া ৰোগী সকলক বিনামূলীয়াকৈ চন্দ্ৰপ্ৰভা আই হস্পিটেলত অপাৰেচন কৰা হ’ব।

তেওঁলোকৰ অহা-যোৱা, থকা-খোৱাৰ বাবেও কোনো পইচা দিব নালাগে। যিসকল ৰোগী পইচা দি অপাৰেচন কৰিবলৈ সমৰ্থ তেওঁলোক ৰেহাই হাৰত অস্ত্ৰোপচাৰ কৰা হ’ব। কিন্তু থকা আৰু খোৱা-বোৱাৰ বাবে কোনো পইচা দিব নালাগে । মূল্যৰ বিনিময়ত কৰোৱা বা বিনামূলীয়াকৈ কৰোৱা সকলো কেটেৰেক্ট অস্ত্ৰোপচাৰ ‘ফেক’ ইমালচিফিকেচন বা ফেক’ নামৰ অত্যাধুনিক অস্ত্ৰোপচাৰ পদ্ধতিৰে কৰা হ’ব।

এই পদ্ধতিত চকুত সামান্য ফুটা এটা কৰিয়েই অস্ত্ৰোপচাৰটো কৰা হয়। অস্ত্ৰোপচাৰৰ পাছদিনাই ৰোগীজনক ঘৰলৈ ওভতাই অনা হ’ব। এসপ্তাহৰ পাছত ভিজন চেণ্টাৰত পৰীক্ষা কৰিব। তাৰ পাছত ৰোগীজনে খেতি কৰা, হাল কোৰ মৰা ইত্যাদি সকলে ধৰণৰ পৰিশ্ৰম নিৰাপদে কৰিব পাৰিব।ভাৰতবৰ্ষৰ ভিতৰত চন্দ্ৰপ্ৰভা আই হস্পিটেল হ’ল একমাত্র চিকিৎসালয় য’ত পইচা দি কৰোৱা বা পইচা নিদি কৰোৱা সকলো কেটেৰেক্ট অপাৰেচন ফেক’ পদ্ধতিৰে কৰা হয় ।

Tags: বোকাখাত
Share4Tweet3Send

Related Posts

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx