
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sharma)ৰ দ্বিতীয়খন চৰকাৰ (Second government)ৰ ইতিমধ্যে ১৬ জনীয়া মন্ত্ৰীসভা ঘোষণা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে মন্ত্ৰীসকলৰ মাজত বিভাগ আবন্টন কৰা হোৱা নাই। কিন্তু পূৰ্বৰ দৰে একো একোজন মন্ত্ৰীক জিলাসমূহত অভিভাৱক মন্ত্ৰী (Guardians Minister of districts) হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।
দেওবাৰে ঘোষণা কৰা হয় অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্বত থাকিবলগা জিলা আৰু মন্ত্ৰীৰ নাম।
অভিভাৱক মন্ত্ৰী আৰু জিলাসমূহ হৈছে
অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷

বিভিন্ন জিলাৰ দায়িত্বপ্ৰাপ্ত মাননীয় মন্ত্ৰীসকল :
১) ৰামেশ্বৰ তেলী : তিনিচুকীয়া, যোৰহাট
২) অতুল বৰা : কামৰূপ (ম), ধেমাজি
৩) চৰণ বড়ো : কোকৰাঝাৰ, বাক্সা, চিৰাং
৪) অজন্তা নেওগ : মৰিগাঁও, কামৰূপ
৫) অশ্বিনী ৰায় সৰকাৰ : বঙাইগাঁও, বৰপেটা
৬) অশোক সিংহল : দৰং, ধুবুৰী
৭) বিমল বড়া : শিৱসাগৰ, চৰাইদেউ
৮) বিশ্বজিৎ দৈমাৰী : নলবাৰী, শোণিতপুৰ
৯) জয়ন্ত মল্লবৰুৱা : তামুলপুৰ, গোৱালপাৰা
১০) কৌশিক ৰায় : শ্রীভূমি, হাইলাকান্দি
১১) কেশৱ মহন্ত : দক্ষিণ শালমাৰা-মানকাচৰ, উত্তৰ লখিমপুৰ
১২) কৃষ্ণেন্দু পাল : ডিমা হাছাও, কাছাৰ
১৩) নীলিমা দেৱী : বজালী, ওদালগুৰি
১৪) পীযুষ হাজৰীকা : নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং
১৫) ডাঃ ৰণোজ পেগু : বিশ্বনাথ, গোলাঘাট
১৬) সুশান্ত বৰগোহাঁই : মাজুলী, ডিব্ৰুগড়
এই তালিকা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মই বিশ্বাসী যে মাননীয় মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত আমাৰ যাত্ৰাক অধিক গতিশীল কৰি তুলিব।”












