![]()
ওড়িশাৰ কেওনঝাৰ জিলাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এজন বৃদ্ধ আৰু তেওঁৰ পত্নীক কৰি হত্যা কৰে। দেওবাৰে পুৱা জিলাখনৰ ৰাছুল ঝুমকিপতিয়া শ্বাহী গাঁৱৰ এটা ঘৰৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।অৱশ্যে এই দম্পতীক কিয় হত্যা কৰা হʼল সেই লৈ বিমোৰত পৰিছে আৰক্ষী। অৱশ্যে প্ৰাথমিক তদন্তত এই হত্যাকাণ্ডৰ সৈতে ডাইনী সম্পৰ্ক আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

তদন্ত অনুসৰি, আৰক্ষীয়ে গম পায় যে গাঁৱৰ এটা অংশই দম্পতীহালে ডাইনী চৰ্চা কৰা বুলি সন্দেহ কৰে। এই সন্দেহৰ বাবেই তেওঁলোকক হত্যা কৰা হʼব পাৰে বুলি আৰক্ষীৰ অনুমান।
মৃত দম্পতীহালৰ কন্যাই জনোৱা মতে, শনিবাৰে নিশা ঘৰৰ বাহিৰৰ বেলকনিত শুই আছিল পিতৃ বাহাদা মুৰ্মু (৪৫) আৰু মাতৃ ধনী (৩৫) । ভিতৰৰ কোঠা এটাত শুই আছিল তেওঁ।
সেই সময়ত তেওঁ হঠাতে এটা মুখ চেপি ধৰা কান্দোন শুনা পায়। লৰালৰিকৈ ওলাই আহি তেওঁ দেখিলে মাক-দেউতাকৰ মৃতদেহ তেজেৰে ৰাঙলী হৈ পৰি আছে। সেই সময়ত ককাক কিষাণ মৰাণ্ডীক ফোন কৰি সকলো কথা কোৱাত তেৱোঁ আন এখন গাঁৱৰ পৰা গুচি আহে। চিকিৎসালয়লৈ নিয়াৰ পিছতে চিকিৎসকে দম্পতীহালক মৃত বুলি ঘোষণা কৰে।
কেওনঝাৰৰ আৰক্ষী অধীক্ষক মিত্ৰভানু মহাপাত্ৰই পিটিআইক জনোৱা মতে, ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে তদন্তৰ অন্ততহে এই সন্দৰ্ভত বিতং তথ্য দিয়া সম্ভৱ বুলিও তেওঁ কয়।










