![]()
গুজৰাটৰ দলং ভাঙি পৰা দুৰ্যোগৰ দিনটোতেই ওড়িশাতো একেধৰণৰ দুৰ্ঘটনা সংঘটিত হʼল। খহি পৰিল এখন শতিকা পুৰণি দলং। কিন্তু গুজৰাটৰ দৰে ক্ষতি হোৱা নাই। দেওবাৰে বিয়লি ওড়িশাত সেই দলংখন ভাঙি পৰাৰ বাবে ২খন গাড়ী ঠাইতে আবদ্ধ হৈ পৰে। গাড়ীখনত থকাসকলক আৰক্ষীয়ে উদ্ধাৰ কৰে।
দেওবাৰে পুৱতিনিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। ওড়িশাৰ কালাহাণ্ডী জিলাৰ ভাগীৰথী পাৰ্কৰ সমীপৰ ভৱনীপটনা অঞ্চলত হঠাৎ ভাঙি পৰে দলংখন। সেই সময়ত ২ খন গাড়ী দলঙৰ ওচৰত আছিল। তাত আবদ্ধ হৈ পৰে তেওঁলোক।
আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ যায়। দলঙৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে। জনা যায় যে ১৯২৫ চনত এই দলংখন নিৰ্মাণ কৰা হৈছিল। এতিয়া প্ৰায় ৯৭ বছৰ হ’ল।
ওড়িশাৰ ভৱনীপটনা, থুৱামুল ৰামপুৰ আৰু কাশীপুৰ অঞ্চল সংযোগী এই দলংখন ভাঙি দেওবাৰে দীৰ্ঘদিন ধৰি যাতায়াত ব্যাহত হৈ পৰে। ৪০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন। শতিকা পুৰণি দলংখন ভাঙি পৰাৰ কাৰণৰ তদন্ত অব্যাহত আছে। দলংখন ভাঙি পুনৰ নিৰ্মাণ কৰা হʼব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।










