ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল ব্ৰহ্মপুত্ৰৰ পানী, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আবদ্ধ বহু যান-বাহন, উজনি-নামনিৰ সংযোগ বিচ্ছিন

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2019
Reading Time: 1 min read
A A
0
কাজিৰঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল ব্ৰহ্মপুত্ৰৰ পানী, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আবদ্ধ বহু যান-বাহন, উজনি-নামনিৰ সংযোগ বিচ্ছিন

বৃহত্তৰ বোকাখাত অঞ্চলৰ বন্যাৰ্তৰ হাহাকাৰ তথা কৃষিভূমি আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

ASSAM TIMES POST,অজন্তা তালুকদাৰ, বোকাখাতঃ
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা কাজিৰঙা আৰু বৃহত্তৰ বোকাখাত অঞ্চলত বানৰ তাণ্ডৱ আজিও অপৰিবৰ্তিত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯৫ শতাংশ বনাঞ্চল এতিয়া সম্পূৰ্ণ জলমগ্ন। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানে কাজিৰঙাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ এচোৱা জলমগ্ন কৰি তোলাৰ ফলত পৰিবহন সম্পূৰ্ণ বন্ধ হৈ দেশৰ বাকী অংশৰ সৈতে উজনিৰ সংযোগ বিচ্ছিন্ন কৰি তোলে।

IMG 20190716 WA0002 | ASSAM TIMES POST

ফলত আবদ্ধ হৈ পৰে বহু যান বাহন। কাজিৰঙাৰ বান পৰিস্থিতিৰ বাবে নুমলীগড়ত নামনিলৈ যোৱা পথ বন্ধ কৰি দিয়াৰ ফলত উজনি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ আন আন স্থানৰ পৰা অহা বহু যান বাহন আবদ্ধ হৈ যাত্ৰী সকলৰ মাজত না-জল না-থল পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত বহুত যাত্ৰীয়ে দেৰগাঁও-গোলাঘাট-ডিফু হৈ আৰু বহুতে ফৰকাটিঙৰ পৰা ৰে’লযোগেও নামনিলৈ যাতায়াতৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। ইফালে যোৱা ১৩ আৰু ১৫ জুলাইৰ ভিতৰত বানত ডুবি আৰু বানৰ পৰা পৰিত্ৰাণ পাবলৈ পথত আশ্ৰয় ল’বলৈ গৈ চলন্ত বাহনৰ খুন্দাত মুঠ ১৭ টি হৰিণা মৃত্যুমুখত পৰিছে বুলি প্ৰকাশ।

IMG 20190716 WA0004 | ASSAM TIMES POST

অসম চৰকাৰৰ বন বিভাগৰ কৰ্মচাৰী, বন্যপ্ৰাণীৰ পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ দল আৰু স্থানীয় ৰাইজৰ উদ্যোগত মুঠ ১৪ টা হৰিণা বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হয় আৰু চিকিৎসাৰ অন্তত ইয়াৰে ১০ টাক মুকলি কৰি দিয়া হয়। ৪ টা হৰিণা এতিয়াও চিকিৎসাধীন হৈ আছে। মৃত হৰিণা কেইটিৰ এটাৰ বন্যপ্ৰাণীৰ পুনঃসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ উদ্ধাৰ কৰি অনাৰ পিছত শুশ্ৰূষাধীন হৈ থকা অৱস্থাত মৃত্যু হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ ছটা ৰেঞ্জৰ মুঠ ১৯৯ টা শিবিৰৰ ১৫৮ টাই জলমগ্ন হয় আৰু এই পৰ্যন্ত তাৰে ১৮ টা শিবিৰক স্থানান্তৰ কৰা হৈছে।

IMG 20190716 WA0003 | ASSAM TIMES POST

ব্ৰহ্মপুত্ৰৰ অধিক বাঢ়নী পানীয়ে মৰি-ধনশিৰি, ডিফলু আৰু তিনিসুঁতিৰ নৈৰ বাঢ়নী পানীক ভেটি দক্ষিণলৈ উজাই অহাৰ ফলত বৃহত্তৰ বোকাখাত অঞ্চলৰ বহু গাঁও জলমগ্ন হৈ ঘৰ-বাৰী, কৃষিভূমি আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিছে। এই বানে প্ৰায় সম্পূৰ্ণ বুৰাই পেলাইছে বোকাখাত নগৰৰ ১ নং ৱাৰ্ড, বোকাখাতৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয় আৰু নৱনিৰ্মিত প্ৰয়াস নাট্য বিদ্যালয়ৰ মঞ্চ এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন। তদুপৰি নিকতবৰ্তী বেল’গুৰি, পলাশগুৰিকে আদি কৰি প্ৰায় আঠ-দহখন গাঁৱক এই বানে বুৰাই গ’ল। ইফালে নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানে বুৰাই পেলালে বোকাখাত নগৰৰ ১ নং ৱাৰ্ড। বোকাখাত কাজিৰঙা অঞ্চলৰো ২ নং ডোমজান, বিলপাৰ, ভোগীবঢ়ানী, বেজগাঁও, শ’লমাৰী, মিহিমুখ, দ-গাঁও, বচাগঁৱৰ ৰাষ্ট্ৰীয় ঘাঁইপথৰ উত্তৰ পাৰৰ অংশ বিশেষ, কঁহৰাৰ ওপৰিও ডিফলু পথাৰ, তামুলী পথাৰ, শুকানী গাঁও আদি গাঁও সমূহৰ বিস্তীৰ্ণ এলেকা জলপ্লাৱিত হৈছে। তাৰোপৰি সম্পূৰ্ণৰূপে বান বিধ্বস্ত হৈছে দিচৈ পঞ্চায়ত, উত্তৰ মহুৰাৰ ৭০ শতাংশ অঞ্চল আৰু মধ্য মহুৰাও বানৰ কবলত। চলিত বছৰটোৰ প্ৰথমটো বানে ইতিমধ্যে ঢৌৱাই যোৱা নুমলীগড় অঞ্চলৰ ধোদাং, চিনাকানৰ পৰা আৰম্ভ কৰি বুধবাৰী, হাঁহচৰা আদি অঞ্চলো ব্ৰহ্মপুত্ৰ-গেলাবিলৰ বানত ডুবিছে। বৰ্তমান দক্ষিণ পাৰলৈ ক্ৰমাৎ বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বানত যোগনীয়া অঞ্চল সম্পূৰ্ণৰূপে ডুব গৈ কৃষিভূমি, পশুধনৰ বিস্তৰ ক্ষতিৰ লগতে সাধাৰণ জীৱন গুৰুতৰভাবে ব্যাহত হৈ পৰিছে। ইতিমধ্যে তিনিসুঁতিৰ দলঙেদি উজাই যোৱা পানীত মধুপুৰীয়া পথাৰখন সম্পূৰ্ণ জলমগ্ন হৈছে। এই বাতৰি লিখা পৰ্যন্ত পানী ক্ৰমাৎ বাঢ়ি আছে আৰু ইয়ে কাষতে থকা মেৰ’কান, খতিয়াখলি, নেপালীখুটি আদি গাঁও প্লাৱিত কৰি পোলোৱাৰ আশংকাই বৃহৎ অঞ্চলৰ ৰাইজক শংকিত কৰি ৰাখিছে।

IMG 20190716 WA0000 | ASSAM TIMES POST

ইতিমধ্যে বানপীড়িত সকলক প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সমূহীয়া উদ্যোগত বিভিন্ন নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে আৰু প্ৰশাসনৰ তৰফৰ পৰা খাদ্য, ভ্ৰাম্যমাণ হাস্পতাল আৰু দৰবকে আদি কৰি অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা হৈছে যদিও পৰ্যাপ্ত চিকিৎসাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। তদুপৰি খোৱা পানীৰ অভাৱে পিষ্ট কৰিছে বানপীড়িতক। এটুপি খোৱা পানীৰ বাবে বহু দূৰৰ পৰা নাৱেৰে খোৱা পানী কঢ়িয়াই আনিব লগীয়া হৈছে আশ্ৰয় শিবিৰৰ বান-শৰণাৰ্থীয়ে। তাতোকৈ উল্লেখনীয় যে দিচৈ পঞ্চায়তৰ বহু বন্যাৰ্তৰ বাবে আশ্ৰয় শিবিৰ এতিয়া আকাশ কুসুমত পৰিণত হৈছে। এই সকল বন্যাৰ্তই পথৰ কাষতে নিজাকৈ অস্থায়ীভাৱে ব্যৱস্থা কৰি লোৱা চালিৰ তলতে নিজৰ লগতে পশুধনৰো জীৱন বচাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছে। তাত প্ৰশাসনৰ খাদ্য সামগ্ৰীৰ সাহায্য পাইছে যদিও বোকা-পানীৰ কদৰ্য পৰিৱেশত ৰন্ধন কাৰ্যৰ বাবে সুচল ঠাইৰ অভাৱ ঘটি দুমুঠি অন্নৰ বাবে বন্যাৰ্তৰ মাজত হাহাকাৰ হৈছে।

Share4Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
50
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
50
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
50
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx