ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Features

বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

ৰিমলী বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
June 5, 2022
Reading Time: 1 min read
A A
0
বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

RELATED POSTS

16th Nov – National Press Day: Free Press and its significance in today’s world

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

logo new 2 1 | ASSAM TIMES POST
১৯৭২ চনত ৰাষ্ট্ৰসংঘই লোৱা এক সিদ্ধান্তমৰ্মে ১৯৭৪ চনৰে পৰাই প্ৰতি বছৰে জুন মাহৰ ৫ তাৰিখটোক বিশ্ব পৰিবেশ দিৱস হিচাপে উদযাপন কৰা হয়। এই বিষয় বা দিনটিক লৈ দীৰ্ঘকালৰ পৰাই বহু চৰ্বিত-চৰ্বণ চলি আহিছে।

বিশ্ব পৰিবেশ দিৱসএই দিৱস পালনৰ লক্ষ্য-উদ্দেশ্য বা তাৎপৰ্য জনাই-নজনাই সকলোৱেই এই বিষয়ক লৈ ছ’চিয়েল মিডিয়াত এই দিনটোত ফ’টো এখনকে হ’লেও দিয়ে বা গছপুলি এটা ৰুৱাৰ ফ’টো এখন দিও ৱাহ-ৱাহি গোটাই। এতিয়া কথা হ’ল-এইখিনিতেই অথবা একমাত্ৰ এই দিনটোতেই আমাৰ সকলো দ্বায়িত্ব শেষ নেকি?কিয় আমি জীয়াই থকা পৃথিৱীখনৰ পৰিবেশৰ সুস্থতা,ভাৰসাম্য ৰক্ষাৰ সজাগতাক লৈ আমি এটি দিন উদযাপন কৰিব লগীয়া পৰিস্থিতি আহি পৰিল?

পৰিবেশ দিৱস ইয়াৰ বাবে দায়ী কোন?আমিবোৰেই নহয় জানো ?মানুহে সন্তান জন্ম দিয়ে-দি কেঁ‌চুৱা বা শিশুটিক মাটিত বা বাটত এৰি দিয়ে নেকি ?সাধাৰণতেই নিদিয়ে,কিয় নিদিয়ে?কাৰণ আদৰ-আপদাল কৰাতো আমাৰ নৈতিক দ্বায়িত্ব,ঠিক একেদৰেই বয়স্ক পিতৃ-মাতৃকো একেখিনিয়েই আদৰ-আপদাল দিয়া এক পুণঃপৌণিক প্ৰক্ৰিয়াৰ দৰে। এতিয়া ধৰিত্ৰী বা পৃথিৱী-প্ৰকৃতিয়ে আমাক জীয়াই থাকিব পৰাকৈ দিবলগীয়া সমস্ত উপাদানেইতো দিছে।

অথচ আমি কৃতজ্ঞ আৰু দ্বায়বদ্ধ নহও। বায়ু প্ৰদূষণ,প্লাষ্টিক প্ৰদূষণ,হঠাৎ অহা অপ্ৰাকৃতি বান,গোলকীয় উষ্ণতাৰ বৃদ্ধি আৰু ক’ত কি অপকাৰী অৱদান ওলটাই দিছো আমি প্ৰকৃতিক!!এয়াই নেকি আমাৰ কৰণীয়?আৰু প্ৰকৃতিৰ এইদৰে কৰা অনিষ্টসাধনৰ মাজেৰে আমি প্ৰকৃততে কি কৰিবলৈ গৈ আছো?ঠিক যেন গছৰ ডাল এটাত বহি সেই ডালটোকেই কৰতেৰে ৰেপি ৰেপি কাটি আছো!!ভূ-লুন্ঠিত হৈ শেষত পৰিব কোন?উত্তৰৰ প্ৰয়োজন নিশ্চয়কৈ নাই।

গতিকে জন্তুৰ দৰে আচৰণ কৰিবলৈ শিককআজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছ’চিয়েল মিডিয়াৰ এক প্লেটফৰ্মত এখন অৰ্থৱহ ছবি দেখিবলৈ পালো। য’ত লিখা আছিলে-“জীৱ-জন্তুৱে অৰণ্য বা পাহৰ-কন্দৰ আৱৰ্জনাৰে উপচাই নেপেলাই,পেলাই মানুহেহে। গতিকে জন্তুৰ দৰে আচৰণ কৰিবলৈ শিকক!!”-কিম অধিকম্!!একেবাৰেই সঠিক কথা। কেনিবা ফুৰিবলৈ বা পিকনিক আদিলৈ যাব-সেই স্থানত খোৱা চিপচ,চক’লেট,মদৰ বটললৈকে সেই স্থানতেই পেলাই আহিব।

মই নিজেই মৰা-ভৰলু আৰু বাহিনী নদীৰ কাষত দীৰ্ঘকালজুৰি বাস কৰি আহিছো আৰু দেখি আহিছো-কিদৰে নৈপাৰৰ মানুহবোৰে ঘৰুৱা জাবৰ প্লাষ্টিকৰ টোপোলাত ভৰাই বিনাদ্বিধাই নৈৰ বুকুলৈ দলিয়াই যায়। অথচ,এজাক ডাঙৰ বৰষুণ দিলেই এইখিনি মানুহেই কৃত্ৰিম বানত ককবকাই মৰে।

নিজ কৃতকৰ্মৰ ফল নিজে ভূগিও নিশিকা পৰিপক্ক মানুহক শিকাব,বুজাব কোনে?আপুনি,মই নে চৰকাৰে নে ৰাষ্ট্ৰসংঘৰ কোনো বিশেষ বাৰ্তাই!!তেওঁলোকে যেতিয়ালৈকে নিজে নুবুজিব,তেতিয়ালৈকে এইবোৰ প্ৰতিবছৰেই অৰা অপলাপ হে হৈ ৰ’ব মাথোঁন।

ৰাষ্ট্ৰসংঘৰ মত অনুসৰি স্বাস্থ্যকৰ এক পৰিবেশ জীয়াই থকাতোও মানুহৰ এক মৌলিক অধিকাৰেই। গতিকে আমি নিজকে নিজৰ এই মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি থকা নাই জানো?ইয়াৰ পৰা আমি কি পাম আৰু কি দিম আমি ভৱিষ্যত প্ৰজন্মক ?আমাৰ কৃতকৰ্মৰ বাবে ক্ৰমশঃ অৱনমিতৰ পৰা অৱনমিত হৈ পৰা পৰিবেশৰ এখন পৃথিৱী?হঠাৎ পৰা উৎকট গৰম,হঠাৎ অগতানুগতিকভাৱে হোৱা শীতল বতৰ,সাগৰ পৃষ্ঠৰ স্তৰৰ উচ্চতা বৃদ্ধি,মেৰুপ্ৰদেশৰ বৰফৰ গলন প্ৰক্ৰিয়া-এইবোৰ কোনোফালৰ পৰাই স্বাভাৱিক নহয়।

তৎসত্ত্বেও,এতিয়াও লগন উকলি যোৱাকৈ,বহু পলম হোৱা নাই। এইবাৰৰ পৰিবেশ দিৱসৰ পৃষ্ঠপোষক দেশ চুইডেনে এই দিৱসৰ মূল উদ্দেশ্য হিচাপে লৈছে-“অনলী ৱান আৰ্থ”(মাথোঁ এখনেই পৃথিৱী)-হয়,এখনেই পৃথিৱীৰেই বাসিন্দা নহও জানো আমি?একত্ৰ হৈ,সঁ‌চা অৰ্থত নিজৰ বাবে,পৃথিৱী আৰু প্ৰকৃতিৰ বাবে জীয়াবলৈ এক প্ৰচেষ্টা কৰিব নোৱাৰো নে?

এই দিৱসৰ তাৎপৰ্য মাথোঁ আজিৰ দিনটোতেই শেষ নহওক,প্ৰতিটো দিন প্ৰকৃতিৰ লগত সু-সমন্বিত একোটা দিন হওক। বিশ্ব পৰিবেশ দিৱসত এয়াই সকলোলৈ অনুৰোধ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিশ্ব পৰিবেশ দিৱস
Share15Tweet10Send

Related Posts

National Press Day
Editorial

16th Nov – National Press Day: Free Press and its significance in today’s world

by Sanjeev Sarma
November 15, 2022
614
আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:
Features

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

by ASSAM TIMES POST
June 12, 2022
110
চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?
Features

চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

by ASSAM TIMES POST
June 11, 2022
170
৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:
ALL NEWS

৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:

by ASSAM TIMES POST
December 3, 2021
96
৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!
ALL NEWS

৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

by ASSAM TIMES POST
March 14, 2021
62
ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:
ALL NEWS

ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:

by ASSAM TIMES POST
March 13, 2021
61
ADVERTISEMENT
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d