
মুখ্যমন্ত্রী নবীন পাটনায়ক নির্দেশ মানি ইস্তফা দিলে ওড়িশা মন্ত্ৰীসভাৰ সকলো সদস্যই। সংবাদ সংস্থা এএনআইয়ে জনাইছে, দেওবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যৰ নতুন মন্ত্ৰীসভাই শপত ল’ব। শাসকীয় দল বিজেডিৰ সূত্র মতে, মন্ত্ৰীসভা আৰু সংগঠনৰ গাঁথনি সলনিৰ বাবেই তেওঁৰ এই পদক্ষেপ। বিদায়ী নবীন মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা ২০।
মন্ত্রীসকলৰ প্রত্যেককেই শনিবাৰে পুৱা ইস্তফাৰ নির্দেশ দিয়া হয়। মন্ত্রীসকলৰ লগতে ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ সূর্যনাৰায়ণ পাত্রইও ইস্তফা দিয়া বুলি খবৰ প্রকাশ পাইছে। অৱশ্যে চৰকাৰীভাবে এতিয়াও এই বিষয়ত আনুষ্ঠানিক ঘোষণা হোৱা নাই।
উল্লেখ্য, ২০১৯ত বিধানসভা নিৰ্বাচনত জয়ী হৈ একেৰাহে পঞ্চমবাৰ ৰবাবে ওড়িশাৰ মুখ্যমন্ত্রী পদত শপত লয় নবীন পাটনায়কে। মন্ত্ৰীসভাত এইবাৰ নবীন পাটনায়কে বহু কেইজন নতুন প্রজন্মৰ নেতাক ল’ব বিচৰা বুলিও তেওঁৰ ঘনিষ্ঠ মহলৰ সূত্রত প্ৰকাশ।










