ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত মুখ্যমন্ত্ৰীক সাক্ষাৎ সন্দৰ্ভত এএছডিচিৰ সংবাদমেল:

ছাইদুল ইছলামঃ ডিফু

News Desk by News Desk
April 18, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
যোৱা ১৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীলৈ সপৰিয়াললৈ কাৰবি আংলং ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ডিফুৰ বৃক্ষ উদ্যান আৰু শিল্প কেন্দ্ৰৰ সভা কক্ষত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন ছাত্ৰ আৰু বিভিন্ন দল-সংগঠনৰ লগত এক পৰ্যালোচনা সভাত মিলিত হৈছিল ৷

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীক সাক্ষাৎ
পৰ্যালোচনা সভা:

উক্ত পৰ্যালোচনা সভাত আমন্ত্ৰিত দল হিচাপে বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়েও অংশগ্ৰহণ কৰিছিল ৷ এএছডিচিৰ হৈ সভাপতি, সাধাৰণ সম্পাদক আৰু প্ৰচাৰ সম্পাদক ক্ৰমে, চন্দ্ৰকান্ত তেৰাঙ, জৎছন বে’ আৰু ডেনিয়েল টেৰণলৈ তিনিজনীয়া এক সঁজাতি দলে তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিছিল ৷

এএছডিচিৰ সংবাদমেল
এএছডিচিৰ সংবাদমেল:

উক্ত দাবীসমূহকলৈ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা সৌহাৰ্দমূলক আছিল বুলি আজি বিয়লি ডিফুস্থিত এএছডিচিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সদৰি কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷

স্মাৰক পত্ৰটোত থকা দাবীসমূহ ক্ৰমে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(ক)ৰ সুবিধা অনুসৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি স্বায়ত্তশাসিত ৰাজ্য ঘোষণা কৰা, ১৯৫১ চনৰ চৰকাৰী অধিসূচনা মৰ্মে অসম-মেঘালয় সীমা বিবাদৰ ইছ্যু মীমাংসা কৰা ৷

কাজিৰঙা অভয়াৰণ্যত পৰিৱেশ সংবেদনশীল এলেকা আৰু হস্তী দুৱাৰ সন্দৰ্ভত ব্যৱস্থা লোৱা আদি ৷ চন্দ্ৰকান্ত তেৰাঙে কয় যে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত এএছডিচিয়ে ১৯৮৬ চনৰ পৰাই আন্দোলন কৰি আহিছে ৷ বিজেপি দলে তেওঁলোকৰ বিজেপিৰ বিভিন্ন নিৰ্বাচনী ইস্তহাৰতসমূহত স্বায়ত্তৰাজ্য সৃষ্টি বিষয়টো ৰাষ্ট্ৰীয় এজেণ্ডা বুলি নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি দিছিল ৷

উক্ত বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কোনো নিৰ্দিষ্ট মন্তব্য নোপোৱাত বিষয়টিক লৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে গণ আন্দোলন কৰাৰ বাবে মত পোষণ কৰে এএছডিচিয়ে কাৰবি আংলং সীমান্তৰ অসম-মেঘালয় সীমা বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাইয়ো সহমত প্ৰকাশ কৰাৰ লগতে উক্ত বিষয়টোলৈ আলোচনা হলে সকলো দল-সংগঠনক বিশ্বাসত লৈ আগবঢ়া হব ৷

আনহাতে কাৰবি আংলঙৰ দুই পৰিষদীয় সমষ্টি দুৱাৰ বাগৰি আৰু ছচেং ধেণ্টা সমষ্টিৰ অন্তৰ্গত কাজিৰঙা অভয়াৰণ্যক পৰিৱেশ সংবেদনশীল হস্তী দুৱাৰ হিচাপে সম্প্ৰসাৰণ কৰা বিষয়কলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে উচ্চতম ন্যায়ালয়ত গোছৰ তৰাবুলি কোৱাত পৰিষদক এইলৈ এটা যোগ্য আৰু ভাল অধিবক্তা নিযুক্ত কৰিবলৈ চিইএম তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰা বুলি এএছডিচিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিছে৷

আনহাতে কাজিৰঙা অভয়াৰণ্যৰ কাৰবি আংলংৰ ভূমিত বসবাস কৰা লোকক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ তৰফৰ পৰা স্থান খালি কৰাৰ জাননী প্ৰেৰণ কৰা কাৰ্যকলৈও আশ্চৰ্য প্ৰকাশ কৰিছে চন্দ্ৰকান্ত তেৰাঙে ৷

Tags: ASDCএএছডিচি
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx