ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত অনুষ্ঠিতব্য ৰাজ্যৰ চাৰি বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছে শনিবাৰে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰে।
সেই অনুসৰি ১ নং ৰাতাবাৰী (অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত) সমষ্টিত কেশৱ প্ৰসাদ ৰাজাক, ৪৪ নং জনিয়া সমষ্টিত চামচুল হক, ৭৪ নং ৰঙাপৰা সমষ্টিত কাৰ্তিক কুৰ্মী আৰু ১০৬ নং সোণাৰি সমষ্টিত সুশীল চুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে এই প্ৰাৰ্থীকেইজনক কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমোদন জনোৱাৰ কথা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰে এআইচিচিৰ নিৰ্বাচন সমিতিৰ তত্বাৱধায়ক মুকুল ৱাছনিকে।













