ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত বলিদান দিৱসঃ ‘জয় গোৰ্খা’ ধ্বনিৰে মুখৰিত ডিফু ক্লাব

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 1 min read
A A
0
ডিফুত বলিদান দিৱসঃ ‘জয় গোৰ্খা’ ধ্বনিৰে মুখৰিত ডিফু ক্লাব

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ছাইদুল ইছলাম, ডিফুঃ দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফু ক্লাবত অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত গোৰ্খা বীৰ যোদ্ধা তথা প্ৰথম শ্বহীদ দুৰ্গা মল্লৰ সোঁৱৰণত ৭৫ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে আগছু-এজিএছৰ সভাপতিদ্বয়ে৷ ইয়াৰ পাছতে শ্বহীদ তৰ্পণ অনুষ্ঠিত হয়৷

বিয়লি ১ বজাত মুকলি সভাত পৌৰহিত্য কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি সুৰজ ছেত্ৰীয়ে৷ মুকলি সভাৰ পূৰ্বে শ্বহীদ দুৰ্গা মল্লৰ প্ৰতিকৃতিত বিশিষ্ট অতিথিসকলে মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গোৰ্খা সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, আগছুৰ সভাপতি প্ৰেম তামাং, সম্মানীয় অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণ, বিভিন্ন সংগঠনৰ সভাপতি-সম্পাদকসকল আৰু গোৰ্খা জনগোষ্ঠীয় গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

সভাত বক্তাসকলে গোৰ্খাসকলৰ প্ৰথম শ্বহীদ বীৰ যোদ্ধা দুৰ্গা মল্লৰ ত্যাগ আৰু স্বাধীনতাৰ বাবে দিয়া বলিদানৰ লগতে তেওঁৰ জীৱন-আদৰ্শৰ ওপৰত চমু আলোকপাত কৰে৷ আনহাতে আগছুৰ সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ লিম্বুয়ে কয় যে গোৰ্খা সকল সাহসী জাতি আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে সকলো উজাৰি দিয়াৰ বিপৰীতে উচিত সম্মান লাভ কৰা নাই৷ আনহাতে কাৰ্বি আংলং জিলাৰ ডিফুত বীৰ যোদ্ধা শ্বহীদ দুৰ্গা মল্লৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ বাবে গোৰ্খা ৰাইজে কৰা অনুৰোধ বিবেচনা কৰা হব বুলি ভাষণত কয় ইএম ৰতন টেৰণে৷

https://youtu.be/bELgqOGY_Pc

লগত ৰতন টেৰণে গোৰ্খাসকলৰ লগত থকা তেওঁৰ নিকট সম্পৰ্কৰ কথাও উল্লেখ কৰে৷ আছুৰ কাৰ্বি আংলং জিলাৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই অসম তথা কাৰ্বি আংলঙৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো দল-সংগঠনক ঐক্যবদ্ধ ভাৱে অগ্ৰসৰ হ’বলৈ আহ্বান জনাই আৰু এথন বিদেশীমুক্ত শুদ্ধ এনআৰচি প্ৰকাশ পোৱাৰ কামনা কৰে৷ আগছুৰ উপসভাপতি সুনীল ছেত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে গোৰ্খাসকল অসমত ন্যায় ব্যৱস্থাৰ পৰা পদে-পদে বঞ্চিত হৈ আছে৷ এনআৰচিৰ বাবে গোৰ্খাসকলে মানসিক চাপত ভোগাৰ প্ৰয়োজন নাই, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যিকোনো প্ৰকাৰে নাম সোমোৱাৰ ব্যৱস্থা কৰিব৷ ইতিমধ্যে অসম চৰকাৰে এনআৰচিৰ বাবে গোৰ্খা সকলে চিন্তা কৰিব নালাগে বুলি প্ৰতিশ্ৰুতি দি থৈছে, প্ৰতিশ্ৰুতি ৰক্ষাত চৰকাৰ ব্যৰ্থ হলে চৰকাৰক বিশ্বাসঘাতক আখ্যা দি প্ৰতিদান দিবলৈ বাধ্য থাকিব গোৰ্খা সকল৷

আনহাতে মুখ্য অতিথিৰ ভাষণত তেজপুৰৰ প্ৰাক্তন সাংসদ তথা অসম গোৰ্খা সন্মিলনৰ সভাপতি আৰপি শৰ্মাই সাংবাদিকৰ আগত কয় যে চূড়ান্ত এনআৰচিৰ তালিকাত গোৰ্খা সকলৰ নাম আহিবই লাগিব কাৰণ গোৰ্খা সকল বিদেশী নহয়৷ ভাৰতবৰ্ষৰ বাবে সৰ্বস্ব ত্যাগ কৰা জাতি গোৰ্খা৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে অসমত চলি থকা চিণ্ডিকেটৰাজৰ বাবে দ্ৰৱ্যমূল্য বৃদ্ধি পাইছে৷ সেয়ে ছিণ্ডিকেটৰাজ প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজাববীয়াকৈ ব্যৱস্থা ল’বলৈ তেওঁ আহ্বান জনায়৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা ডান্স ইণ্ডিয়া ডান্সৰ বিজয়ী ঔমছেত্ৰীয়ে সুন্দৰ আৰু দৰ্শনীয় নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share9Tweet6Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

by News Desk
October 22, 2026
50
Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 21, 2026
52
Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল
Assam

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

by News Desk
October 21, 2026
51
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
50
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d