ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত অসম ভিত্তিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতাৰ সামৰণীঃ  ৰৌদ্ৰোজ্বল কাশ্যপ আৰু দীক্ষিতা বৰা দুই শিতানৰ শ্ৰেষ্ঠ প্ৰতিযোগীঃ

Staff Reporter by Staff Reporter
March 2, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত অসম ভিত্তিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতাৰ সামৰণীঃ  ৰৌদ্ৰোজ্বল কাশ্যপ আৰু দীক্ষিতা বৰা দুই শিতানৰ শ্ৰেষ্ঠ প্ৰতিযোগীঃ

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

অজন্তা তালুকদাৰ, বোকাখাত, ২ মাৰ্চঃ 
অসমীয়া জাতীয় জীৱনত নৱজাগৰণৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিক চহকী কৰি যোৱা পুৰণি সোণোৱালী সংগীতক যুগজয়ী কৰি ৰখাৰ উদ্দেশ্যে আৰু সংগীতৰ জড়িয়তে সমাজত শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বােকাখাত সাংস্কৃতিক মঞ্চ আৰু বােকাখাত নগৰ মইনা পাৰিজাতৰ উদ্যোগত অসমৰ কিংবদন্তী শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমৰ প্রতিষ্ঠিত গায়ক জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতা ১ মার্চত বোকাখাতৰ ইন্দিৰা গান্ধী শিশু স্মাৰক উদ্যানত অনুষ্ঠিত হৈ যায়। সেই উদ্দেশ্যে পুৱা পতাকা উত্তোলন কৰে বোকাখাত সাংস্কৃতিক মঞ্চ আৰু বোকাখাত মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকাই, বন্তি প্ৰজ্বলন কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, কবি সাংবাদিক অজন্তা তালুকদাৰ আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সাংগঠনিক সম্পাদিকা মৃদুস্মিতা শৰ্মাই।

b9c141d5 c9c4 4101 83bd 86069df52f70 | ASSAM TIMES POST

অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱাই। বিচাৰক তিনিগৰাকী ক্ৰমে তেজপুৰৰ সীমান্ত কাকতি, যোৰহাটৰ মানসজ্যোতি বৰা আৰু বোকাখাতৰ পৰিস্মিতা শৰ্মা। ভূপেন্দ্ৰ সংগীতৰ একক শাখাৰ প্ৰতিযোগিতাৰ ননী দুৱৰা সোঁৱৰণি প্ৰথম পুৰস্কাৰ লাভ কৰে তেজপুৰৰ ৰৌদ্ৰোজ্বল কাশ্যপে। দীপক শ্ৰীবাস্তৱ সোঁৱৰণি দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ অনুস্কা তৰংগিনী বৰুৱাই।  অজিত দত্ত সোঁৱৰণি তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে ক্ৰমে তেলগৰম, গোলাঘাটৰ আইলিণ গগৈ আৰু শিৱসাগৰৰ উৰ্মীমালা গগৈয়ে। জুবিন গাৰ্গৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতাত বিপুল চন্দ্ৰ গোস্বামী সোঁৱৰণি প্ৰথম পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ দীক্ষিতা বৰাই।

7e57a843 d8f3 4bcb 82ff afb188256d89 | ASSAM TIMES POST

8b1a5779 6ace 4bd4 a6d7 6d18db62de49 | ASSAM TIMES POST

ভাস্কৰ ফুকন আৰু পৰিয়ালবৰ্গই প্ৰদান কৰা দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ অনুস্কা তৰংগিনী বৰুৱাই আৰু দিলীপ হাজৰিকা সোঁৱৰণি তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে  লাভ কৰে নুমলীগড় নগৰাঞ্চলৰ ৰাশিকা দাস আৰু শিৱসাগৰৰ তন্ময়ী নাথে। বঁতা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাত নাট্যমন্দিৰৰ সভাপতি  বিশিষ্ট সমাজকৰ্মী দিলীপ শইকীয়া আৰু নুমলীগড় নগৰাঞ্চলৰ নুপুৰ সংগীত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ শইকীয়া। এই অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বীণা মহন্ত আৰু বোকাখাত যান বাহন আৰক্ষী  বিষয়া গোবিন কাকতিক। বিগত বৰ্ষৰ পুৰস্কাৰৰ দাতা পলিমা চেতিয়া বসুমতাৰীৰ লগতে বিগত  আৰু চলিত বৰ্ষৰ পুৰস্কাৰ দাতা ক্ৰমে জুপিতা গোস্বামী, ৰুণুমী দত্তকো আয়োজক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

8f82bc3c 98db 456e 92c4 fc074536e842 | ASSAM TIMES POST

87e88ead bf6d 40f3 b876 fc0459487794 | ASSAM TIMES POST

আনহাতে বোকাখাতৰ শিক্ষয়িত্ৰী কবি ৰঞ্জিতা শইকীয়া গগৈৰ কাব্য সংকলন “বতাহৰ সুহুৰিত” উন্মোচন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা তথা বিশিষ্ট প্ৰৱন্ধকাৰ, গল্পকাৰ ঔপন্যাসিক ড° ৰুবী বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে অনুৰাগ শংকৰৰ পৰিচালনাত  বোকাখাত মইনা পাৰিজাতৰ হদস্যা আৰু স্থানীয় মহিলাৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়। সন্ধিয়া গীত পৰিৱেশন কৰে বোকাখাত সাংস্কৃতিক মঞ্চৰ সম্পাদক সৌৰভ হাজৰিকা, মিছ কিড ইণ্ডিয়া খ্যাত বোকাখাতৰ কণমানি শিল্পী নিকিতা বৰা, গীতিকাৰ সুৰকাৰ বিশিষ্ট লোকগীত শিল্পী অতুল বেজবৰুৱা আৰু সাংবাদিক ৰঞ্জিত ৰজকে।সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে বোকাখাত সাংস্কৃতিক মঞ্চৰ উপদেষ্টা তথা কবি সাংবাদিক  অজন্তা তালুকদাৰে। বোকাখাত সাংস্কৃতিক মঞ্চৰ সম্পাদক তথা অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পক সৌৰভ হাজৰিকাই প্ৰতিযোগিতাখনিত বোকাখাতৰ ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শলাগৰ শৰাই দুয়োটি উদ্যোক্তা অনুষ্ঠানৰ সভাপতি দুলাল ডেকাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share11Tweet7Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d