
সমালোচকক উচিত প্রত্যুত্তৰ দি পৰ্তুগীজ ফুটবল তাৰকাগৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডোৱে (Ronaldo) বিশ্বকাপত নিজৰ উপস্থিতিৰ কথা ঘোষণা কৰে। লিয়নেল মেছিৰ পিছত এইবাৰ ফিফা বিশ্বকাপত ৰোণাল্ডোৱে ইতিহাস ৰচনা কৰি ছয়খন বিশ্বকাপত গ’ল দিয়া প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়।

তেওঁ দেখুৱাই দিলে যে তেওঁৰ কাম এতিয়াও শেষ হোৱা নাই। মঙলবাৰে উজবেকিস্তানৰ বিৰুদ্ধে খেলখনৰ ৬ মিনিটত তেওঁ প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পিছতে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত হয় ৰোনাল্ডোৰ। ২০২২ চনৰ কাটাৰ বিশ্বকাপত ঘানাৰ বিৰুদ্ধে গ’ল দিয়াৰ পাছত তেওঁ একেৰাহে পাঁচখন বিশ্বকাপত গ’ল দিয়াৰ অভিলেখ গঢ়িছিল।
কিন্তু দহখন মেচত তেওঁৰ ভৰিৰ পৰা কোনো গ’ল অহা নাছিল। মঙলবাৰে এই খৰাং পৰিস্থিতিৰ অন্তত গ’ল দিবলৈ বিশ্ব মঞ্চলৈ উভতি আহিছিল পৰ্তুগীজ তাৰকাগৰাকী।
মেছি আৰু ৰোনাল্ডোৱে বিগত দুটা দশক ধৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৰাজত্ব কৰি আহিছে। দুয়োজনে ১৩টাকৈ বেলন ডিঅ’ৰ লাভ কৰিছে। আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে এইবাৰ বিশ্বকাপৰ দুখন মেচত ৫টা গ’ল দিয়ে। তাৰে ভিতৰত প্ৰথমখন মেচত আছিল হেট্ৰিক।
কিন্তু বিশ্বকাপৰ আৰম্ভণি ৰোণাল্ডোৰ বাবে একেবাৰেই ভাল নাছিল। কংগোৰ বিৰুদ্ধে তেওঁ মাত্ৰ ২৫ বাৰহে বল পাইছিল। ইয়াৰে ভিতৰত কোনো এটা শ্বট গ’ললৈ নাছিল। এই বিফলতাই পৰ্তুগীজ তাৰকাগৰাকীক খুলি খুলি খাইছিল।
মঙলবাৰৰ মেচখনত দ্বিতীয়টো গ’ল আছিল অসাধাৰণ। ইয়াৰ লগে লগে তেওঁ ইউজেবিঅ’ৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে তেওঁ পৰ্তুগালৰ হৈ বিশ্বকাপত সৰ্বাধিক গ’ল দিছিল। ইউজেবিঅ’ই দিছিল ৯টা গ’ল। কিন্তু এইগৰাকী কিংবদন্তিক অতিক্ৰম কৰিলে ৰোনাল্ডোৱে। বিশ্বকাপত তেওঁৰ গ’লৰ সংখ্যা ১০টা।
৪১ বছৰ বয়সতো তেওঁৰ গ’লৰ প্ৰতি ইমানেই ক্ষুধা। মুঠ ৯৭৫টা গ’ল দিছে ৰোনাল্ডোৱে। উল্লেখ্য যে এইবাৰ যেন দক্ষিণ আমেৰিকাত অনুষ্ঠিত বিশ্বকাপত অভিলেখ গঢ়া আৰু ভংগ কৰাৰ প্ৰতিযোগিতা চলিছে। প্ৰতিদিনে নতুন নতুন অভিলেখ গঢ়িছে আৰু ভংগ হৈছে।











