
এসময়ত তেওঁ দুচকীয়া বাহনত সামগ্ৰী কঢ়িয়াই ঘৰে ঘৰে বিতৰণ কৰিছিল। পকেটত নাছিল পৰ্যাপ্ত ধন। আনকি পেট্ৰ’ল পাম্পলৈ গৈ মাত্ৰ ৫ টকাত গাড়ীত তেল ভৰাই দিবলৈ অনুৰোধ কৰিবলগাও হৈছিল। কিন্তু পকেটত ধন নাথাকিলেও তেওঁৰ দুচকুত আছিল সপোন। কিন্তু দৰিদ্ৰতাৰ দিন অতিক্ৰম কৰি কুনাল শ্বাহ (Kunal Shah) ভাৰতৰ অন্যতম সফল ষ্টাৰ্ট আপ ‘ক্ৰেড’ৰ (Startup ‘Cred’) প্ৰতিষ্ঠাপক (Founder) হয়। শেহতীয়াকৈ ‘মেটা’ৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কুনাল শ্বাহক ৱাটছএপৰ (Whatapp head) ‘গ্ল’বেল হেড’ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা (Announcement of appointment) কৰি শুভেচ্ছা জ্ঞাপন কৰে।
ভাৰতত ৫০ কোটিৰো অধিক ৱাটছএপ ব্যৱহাৰকাৰী থকাৰ পিছতো মেটাই যোৱা ৬ বছৰত ৬.৬ বিলিয়ন ডলাৰ ব্যয় কৰিও ‘ৱাটছএপ পে’ৰ জৰিয়তে বিত্তীয় লেনদেনৰ বজাৰত বিশেষ পাৰ্থক্য আনিব পৰা নাই। আনহাতে, কুনাল শ্বাহৰ ‘ক্ৰেড’ ২০২০ চনত মাত্ৰ ১০ লাখ সদস্যৰ পৰা আজি ১.৭ কোটি সদস্যলৈ বৃদ্ধি পাই ১০০ বিলিয়ন ডলাৰৰ বাৰ্ষিক লেনদেন কৰিছে। ২০২৬ চনৰ তিনি মাহৰ ভিতৰত ৩২৫ মিলিয়ন ডলাৰৰ ৰাজহ পৰিচালনাৰ সৈতে কোম্পানীটোৱে প্ৰথমটো লাভ কৰিছে। মেটাই মূলতঃ কুনালৰ ব্যৱসায়িক দক্ষতা ব্যৱহাৰ কৰি ৱাটছএপৰ বিশাল ব্যৱহাৰকাৰী ভিত্তিক ৰাজহ বা উপাৰ্জনলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰিছে।

অৱশ্যে কুনালৰ যাত্ৰা একেবাৰে সহজ নাছিল। সংবাদ মাধ্যমৰ তথ্য মতে, ১৫-১৬ বছৰ বয়সত তেওঁৰ পিতৃৰ ঔষধ ব্যৱসায় বন্ধ হৈ পৰে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ কলবাদেৱীত ১০০ বৰ্গফুটৰ ঘৰত বাস কৰিছিল। দিনৰ পিছত দি ৰাজপথৰ ব্যৱসায়ীৰ খাদ্য খাই দিন পাৰ কৰিছিল। অৱশ্যে তেওঁৰ পঢ়া-শুনা বন্ধ হোৱা নাছিল। কুনালে উইলছন কলেজৰ পৰা দৰ্শন বিষয়ত বিএ কৰে। কিন্তু নাৰ্চী মাঞ্জী ইনষ্টিটিউট অব মেনেজমেণ্টৰ বিজনেছ পাঠ্যক্ৰমৰ পৰা মাত্ৰ দুটা ছেমিষ্টাৰৰ অন্তত তেওঁ বাদ দিয়ে। পঢ়া-শুনা ভাল নহ’লেও ইণ্টাৰনেটে তেওঁৰ বাবে নতুন দিগন্ত মুকলি কৰি দিলে।
‘ক্ৰেড’ আৰম্ভ কৰাৰ পূৰ্বে কুনালে বিপিঅ’, মাৰ্কেটিং ছলিউচন ফাৰ্ম আৰু ‘ফ্ৰীচাৰ্জ’ নামৰ পেমেণ্ট প্লেটফৰ্মত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। যিটো তেওঁ ২০১৫ চনত স্নেপডিলৰ ওচৰত বিক্ৰী কৰিছিল। তাৰ পিছত তেওঁৰ প্ৰতিভা দেখি অ’পেনএআইৰ চিইঅ’ ছেম অল্টমেনে তেওঁক ‘ৱাই কম্বিনেটৰ’ৰ অংশকালীন অংশীদাৰ হিচাপে বাছি লৈছিল।
১৫ বছৰ বয়সৰ পৰাই কাম কৰি অহা আৰু নিজেই “মই তৈয়াৰ কৰাৰ বাহিৰে একো নাজানো” বুলি কোৱা কুনাল শ্বাহে এতিয়া বিশ্বৰ সৰ্ববৃহৎ মেছেজিং এপ মুকলি কৰি কুনালে কিমান পৰিৱৰ্তন আনিব পাৰে সেয়া লক্ষণীয় হ’ব।












