
দেওবাৰে নিশা কাটাৰ (Qatar)ত ভয়াৱহ বিপৰ্যয়। ৰাছ লাফান শিল্পাঞ্চল (Rass Laphan industrial area)ৰ এলএনজি কেন্দ্ৰত তীব্ৰ বিস্ফোৰণ (Explosion at the LNG center)। এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৭০ কিলোমিটাৰ দূৰত অৱস্থিত ৰাজধানী দোহাৰ একাধিক ঘৰ-দুৱাৰ কঁপি উঠে। বিস্ফোৰণৰ ফলত নিশাৰ আকাশখন মুহূৰ্ততে গাঢ় কমলা ৰঙেৰে আৱৰি ধৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ভয়াৱহ দুৰ্ঘটনাটোত কেইবাজনো শ্ৰমিকৰ মৃত্যু (Death of a few workers) হৈছে। তেওঁলোক আটাইকেইজনেই ভাৰত আৰু পাকিস্তানৰ বাসিন্দা। এই ঘটনাৰ পিছতে দোহাত থকা ভাৰতীয় দূতাবাসে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কাটাৰৰ ইন্ধন মন্ত্ৰী ছাদ শ্বেৰিদা অল-কাব্বিয়ে জনাইছে যে এয়া কেৱল এক দুৰ্ঘটনাহে।

জানিব পৰা মতে, জৰুৰীকালীন মেৰামতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত মাত্ৰ দুদিন আগতেহে এই ‘বাৰজান’ গেছ সৰবৰাহ কেন্দ্ৰটো পুনৰ মুকলি কৰা হৈছিল। অৱশ্যে জৰুৰীকালীন ক্ষিপ্ৰতাৰে জুই ক্ষিপ্ৰগতিত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা গৈছে। ইয়াৰ ফলত পৰিৱেশৰ কোনো ক্ষতি হোৱা নাই বুলিও প্ৰশাসনে আশ্বস্ত কৰিছে।
ৰাষ্ট্ৰীয় মালিকানাধীন ইন্ধন প্ৰতিষ্ঠান ‘কাটাৰএনাৰ্জী’য়ে জনাইছে যে এই দুৰ্ঘটনাৰ বাবে বিশ্ব বজাৰত দেশখনৰ গেছ ৰপ্তানি প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নপৰে। অৱশ্যে যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ মাজত এই কেন্দ্ৰটোৰ প্ৰয়োজনীয় মেৰামতিৰ বাবে অহা তিনিৰ পৰা পাঁচ বছৰলৈ এলএনজি উৎপাদন কিছু পৰিমাণে হ্ৰাস পাব পাৰে।
উল্লেখ্য যে, বিশ্ব বজাৰত ইন্ধন সৰবৰাহৰ অন্যতম প্ৰধান কেন্দ্ৰ এই ৰাছ লাফান বন্দৰটো চলিত বৰ্ষৰ আৰম্ভণিৰ ভাগতো ইৰাণ আৰু আমেৰিকা-ইজৰাইল সংঘাতৰ পৰিপ্ৰেক্ষিতত আক্ৰমণৰ সন্মুখীন হৈছিল।












