
দিল্লীৰ (Delhi) ফুটপাথৰ পৰা এগৰাকী নাবালিকাক অপহৰণ (Abduction of a minor girl) কৰি ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ (Accused of rape and murder) উত্থাপন হৈছে। দিল্লীৰ মেহৰৌলি অঞ্চল (Mehrauli area of Delhi)ৰ পৰা অপহৰণ কৰি গুৰুগ্ৰামলৈ লৈ যোৱা হয় ১১ বছৰীয়া কিশোৰীগৰাকীক। তাত থকা এখন অৰণ্যত ধৰ্ষণ কৰি তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
দেওবাৰে মাজনিশা নাবালিকাগৰাকীক অপহৰণ কৰা হয়। সোমবাৰে পুৱা প্ৰায় ৫ বজাত আৰক্ষীয়ে এই অপহৰণ সন্দৰ্ভত তথ্য লাভ কৰে। দক্ষিণ দিল্লীত সংঘটিত ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্তকাৰী দল গঠন কৰে। নাবালিকা আৰু অভিযুক্তৰ সন্ধান আৰম্ভ হয়। তদন্তকাৰীয়ে মেহৰৌলীৰ আশে-পাশে থকা অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে, য’ৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰা বুলি অভিযোগ উঠিছে। ফুটেজ বিশ্লেষণ কৰি থাকোঁতে তদন্তকাৰীয়ে এজন সন্দেহযুক্ত লোকক চিনাক্ত কৰে। সেই তথ্যৰ ভিত্তিত চিনাক্তকৰণৰ চাৰি ঘণ্টাৰ ভিতৰতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

২৫ বছৰীয়া অভিযুক্ত যুৱকজন পেছাত এজন টেক্সি চালক বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীৰ জেৰাৰ সময়ত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে অপৰাধ স্বীকাৰ কৰিছে। জেৰাৰ সময়ত অভিযুক্তই জানিবলৈ দিয়া মতে, দিল্লীৰ ফুটপাথৰ পৰা নাবালিকাগৰাকীক অপহৰণ কৰি গুৰুগ্ৰামলৈ লৈ যায়। ইয়াৰ পিছত তাত নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথাও আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত কিশোৰীগৰাকীৰ পৰিয়াল বিহাৰৰ বাসিন্দা। পৰিয়ালটোৱে দিল্লীত দিনহাজিৰা কৰে। প্ৰথমতে ভাড়াঘৰত বাস কৰিছিল যদিও পিছত ফুটপাথতে থাকিবলৈ লয়। নাবালিকাগৰাকীয়ে ফুটপাথত বেলুন বিক্ৰী কৰিছিল। আৰক্ষীয়ে জেৰাৰ জৰিয়তে হত্যা কৰাৰ পিছত অভিযুক্তই মৃতদেহ ক’ত এৰি থৈ গৈছিল সেই কথাও জানিবলৈ দিয়ে। ইয়াৰ পিছত সোমবাৰে নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা নিশ্চিত কৰাৰ আশ্বাস দিছে।











