
লক্ষ্ণৌৰ এটা কোচিং চেণ্টাৰ (Lucknow’s coaching center)ত বিধ্বংসী অগ্নিকাণ্ড (Devastating fire)। সোমবাৰে বিয়লি হঠাতে অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাৰ সময়ত কোচিং চেণ্টাৰত বহু ছাত্ৰ-ছাত্ৰী আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়। বহুতেই নিজৰ জীৱন ৰক্ষাৰ বাবে কোচিং চেণ্টাৰৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পৰে। অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু (14 people died) হয়। আৰু বহু গুৰুতৰভাৱে আহত হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনা কেনেকৈ সংঘটিত হ’ল তাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
জানিব পৰা মতে, এই কোচিং চেণ্টাৰটো উত্তৰ-পূব লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত অৱস্থিত। বিল্ডিঙৰ দ্বিতীয় মহলাত এই কোচিং চেণ্টাৰটো। তলত পোহনীয়া জন্তুৰ দোকান এখন আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পৰে। ইয়াৰে কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে। উক্ত ভিডিঅ’বোৰত দেখা যায় যে অট্টালিকাটো জ্বলি আছে। বহু ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছে। এটা ভিডিঅ’ত দ্বিতীয় মহলাৰ ভঙা ৰেলিঙৰ মাজেৰে এজন ছাত্ৰ ওলাই অহা দেখা গৈছে। ইয়াৰ পিছত তেওঁ কৰ্নিচত ভৰি দি তাৰ পৰা ওলমি থাকিবলৈ চেষ্টা কৰে। কিন্তু নিজকে চম্ভালিব নোৱাৰি তললৈ সৰি পৰে।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। চৌপাশ ক’লা ধোঁৱাই আৱৰি ধৰিছিল। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে উক্ত স্থানৰ পৰা মানুহবোৰক উলিয়াই আনিবলৈ আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰথমে বাহিৰৰ পৰা জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। জুইৰ তীব্ৰতা ইমানেই বেছি আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে এজন এজনকৈ ছাত্ৰ-ছাত্ৰীসকলক উলিয়াই আনে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্ধাৰকাৰী দলসমূহো ঘটনাস্থলীত উপস্থিত হয়। এই খবৰ পোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক উক্ত স্থানত উপস্থিত হয়। তেওঁ কয়, “মই নিজৰ চকুৰে ১২-১৩ জন লোকৰ মৃতদেহ দেখিলোঁ। সকলোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত্যুৰ সঠিক সংখ্যা পিছত ঘোষণা কৰা হ’ব। ভিতৰখন সম্পূৰ্ণ ধোঁৱাৰে ভৰি আছে।”
জানিব পৰা মতে, এই অগ্নিকাণ্ডত বহু লোক আহত হয়। উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জুই কেনেদৰে আৰম্ভ হ’ল সেয়া স্পষ্ট হোৱা নাই।












