ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

Staff Reporter by Staff Reporter
June 18, 2026
Reading Time: 1 min read
A A
0
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

Oplus_131072

RELATED POSTS

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

New Logo Smal | ASSAM TIMES POST

অৱশেষত স্বাক্ষৰিত হ’ল আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি (US Iran Peace deal)। বুধবাৰে এই চুক্তিত স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পিজেছকিয়ানে। দুয়োখন দেশৰ বিষয়াসকলে জনোৱা মতে, দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে ডিজিটেলভাৱে এই চুক্তিত স্বাক্ষৰ কৰিছে।

US Iran peace deal I
অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি:

আমেৰিকাই কয় যে জি-৭ সন্মিলনৰ পিছত ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে চুক্তিত স্বাক্ষৰ কৰে। তেহৰানেও এই চুক্তি স্বাক্ষৰিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেয়ে দেশখনৰ চৰকাৰী সংবাদ সংস্থা ইৰনাক কয়, “দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰী পাকিস্তানে প্ৰেৰণ কৰা চুক্তিৰ খচৰা চূড়ান্ত কৰা হৈছে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে (ট্ৰাম্প আৰু পিজেচকিয়ানে) ইয়াত স্বাক্ষৰ কৰিছে। এতিয়া আমি চাব লাগিব যে ই কিমান কাৰ্যকৰী হয়।”

প্ৰথম অৱস্থাত জনা গৈছিল যে ছুইজাৰলেণ্ডৰ জেনেভাত দুয়োখন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত চূড়ান্ত চুক্তি স্বাক্ষৰিত হ’ব। কিন্তু তাৰ পূৰ্বে চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে জেনেভা কাৰ্যসূচী বাতিল কৰা হৈছিল নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেহৰানে দাবী কৰিছে যে জেনেভা শান্তি সন্মিলন পূৰ্বৰ সূচী অনুসৰি অনুষ্ঠিত হ’ব।

দুয়োখন দেশে যুদ্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। যোৱা ১৫ সপ্তাহ ধৰি পশ্চিম এছিয়াৰ এই যুদ্ধই সমগ্ৰ বিশ্বকে চিন্তিত কৰি ৰাখিছে। এই যুদ্ধৰ বাবেই বিশ্বৰ বিভিন্ন দেশত শক্তি সংকট দেখা গৈছে। অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিছে। শান্তি চুক্তিৰ অন্যতম চৰ্ত হিচাপে হৰমুজ প্ৰণালীত অৱৰোধ আৰু সকলো বাধা প্ৰত্যাহাৰ কৰা হৈছে। ফলত এই জলপথৰ মাজেৰে বাণিজ্যিক জাহাজ চলাচলত আৰু কোনো বাধা নাই বুলি বিশ্বাস কৰা হয়।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ইৰাণৰ সৈতে আমেৰিকাই চুক্তি স্বাক্ষৰ কৰিব বুলি ঘোষণা কৰিছিল। উল্লেখ্য যে সেইদিনা ট্ৰাম্পে ৮০ বছৰ সম্পূৰ্ণ কৰে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই ঘোষণাৰ পিছতো ইৰাণৰ পৰা কোনো সেউজ সংকেত পোৱা নাছিল। সেয়ে সমগ্ৰ বিষয়টোক লৈ অনিশ্চয়তা আহিছিল। কাৰণ ইয়াৰ আগতে বহুবাৰ ট্ৰাম্পে ঘোষণা কৰাৰ পিছতো দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হোৱা নাছিল।

যদিও আমেৰিকা আৰু ইৰাণে বেছিভাগ বিষয়তে একমত হৈছিল, তথাপিও কেইবাটাও বিষয়ত একমতত উপনীত হোৱা নাছিল। ট্ৰাম্পে দাবী কৰে যে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজসমূহক মুক্তভাৱে পাৰ হ’বলৈ অনুমতি দিবলৈ সন্মত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই চুক্তিৰ অন্যতম চৰ্ত হিচাপে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত ৬০ দিনীয়া বুজাবুজিত সন্মতি প্ৰকাশ কৰা বুলিও দাবী কৰে। অৱশ্যে ইৰাণে বাৰে বাৰে উল্লেখ কৰিছিল যে চুক্তিখনৰ চৰ্তসমূহ পুনৰীক্ষণ কৰি আছে।

যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰি আহিছে। ইৰাণেও প্ৰতিশোধ লয়। যদিও দুয়োপক্ষই ইছলামাবাদত শান্তি বৈঠকৰ বাবে সাক্ষাৎ কৰিছিল, তথাপিও সেয়া ফলপ্ৰসূ নহ’ল। অৱশেষত তাৰ সমাধান আহিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অৱশেষত আমেৰিকা-ইৰাণৰশান্তি চুক্তি
Share4Tweet3Send

Related Posts

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

by News Desk
August 26, 2026
50
ADVERTISEMENT
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d