
পঞ্জাবৰ জলন্ধৰ (Jalandhar of Punjab)ত এগৰাকী মহিলা চিকিৎসক (Female doctor)ৰ মৃতদেহ উদ্ধাৰ (Recovery of dead body)। চিকিৎসকগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। অভিযোগৰ আঙুলি স্বামীৰ ফালেও উঠোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, চিকিৎসকগৰাকীৰ নাম মীনাক্ষী সুদ। তেওঁৰ স্বামী পীয়ুষ সুদো চিকিৎসক। বিগত কেইমাহমানৰ পৰা দম্পতীহালৰ সম্পৰ্কত অশান্তিৰ সৃষ্টি হৈছিল। বুধবাৰে সন্ধিয়া মীনাক্ষীৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ পিতৃ প্ৰমোদে কয় যে মীনাক্ষীৰ ২০১৮ চনত পীয়ুষৰ লগত বিয়া হৈছিল। বিয়াৰ পিছত ঋণ লৈ গাড়ী কিনিছিল। তেওঁ চাকৰিৰ দৰমহাৰে সেই ঋণৰ কিস্তি দি আছিল। স্বামী পীয়ুষেও ২.৫ কোটি টকাৰ ঋণ লৈছিল।

মীনাক্ষীৰ মাতৃয়ে অভিযোগ কৰে যে জোঁৱায়েকে চিকিৎসালয়খনৰ এগৰাকী নাৰ্ছৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। এই ঘটনাৰ বাবে প্ৰতিদিনে ঘৰখনত অশান্তিৰ সৃষ্টি হৈছিল। মীনাক্ষীক প্ৰহাৰ কৰা বুলিও অভিযোগ উঠিছে। তেওঁৰ দাবী যে মীনাক্ষীয়ে আত্মহত্যা কৰিব নোৱাৰে। মানসিকভাৱে তেওঁ বৰ শক্তিশালী আছিল। মীনাক্ষীক হত্যা কৰা হৈছে বুলি মাতৃৰ দাবী। স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মীনাক্ষীয়ে পৃথকে থাকিবলৈ আৰম্ভ কৰে। ২০২৫ চনৰ পৰাই সুকীয়াকৈ আছিল। বিবাহ বিচ্ছেদৰ কথাও চলি আছিল। ইফালে মহিলা চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৰহস্য তীব্ৰতৰ হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে পীয়ুষৰ জেৰা অব্যাহত ৰাখিছে।












